শ্ৰীৰামপুৰত চিপ লৈ যুৱকৰ আত্মহত্যা

 04/24/2020 - 13:49

শ্ৰীৰামপুৰ: এসময়ত বহিঃৰাজ্যত কাম কৰি পৰিয়ালক পোহপাল দিয়াৰ পাছত সম্প্ৰতি কাম হেৰুৱাই ঘৰত থাকি উপাৰ্জনৰ বাবে কিবাকিবি কাম কৰি আছিল যদিও তলাবন্ধৰ ফলত পৰিয়ালটো তীব্ৰ অৰ্থ সংকটত ভূগি আছিল। ঘৰতে আবদ্ধ হৈ হতাশ হৈ পৰা এজন যুৱকে আজি পুৱা নিজগৃহতে চিপ লৈ আত্মহননৰ পথ বাচি লয়।

গোসাঁইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীৰামপুৰ ৰিফুজী কলনিৰ বাসিন্দা প্ৰয়াত ৰবীন্দ্ৰ বৰ্মনৰ একমাত্ৰ পুত্ৰ সুকুমাৰ বৰ্মন (22) আজি পুৱা প্ৰৱল বৰষুণ হৈ থকা সময়ত ঘৰতে চিপ লৈ আত্মহত্যা কৰে।

খবৰ পাই আৰক্ষীয়ে কাৰ্যবাহী দণ্ডাধীশৰ সৈতে ঘটনাস্হলীত উপস্হিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ লৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।