আজিৰ পৰা আৰম্ভ হৈছে আন্ত:জিলা যাতায়াত ব্যৱস্থা

 04/25/2020 - 12:56

 ৰহা: আজিৰ পৰা আৰম্ভ হৈছে আন্ত:জিলা যাতায়াত ব্যৱস্থা। লকডাউনৰ সময়ত বিভিন্ন ঠাইত বন্দী তথা আৱদ্ধ হৈ থকা লোকক আজিৰে পৰা নিজ নিজ ঠাইলৈ নিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে।

ৰহাতো ৰহা নতুন চাৰিআলিত যাত্ৰী উঠা-নমাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। ইয়াৰ লগতে এটা স্কেনিং কেম্পৰো ব্যৱস্থা কৰা হৈছে। এই কেম্পতে প্ৰত্যেকজন যাত্ৰীক কৰা হ'ব স্বাস্থ্য পৰীক্ষা। স্বাস্থ্য পৰীক্ষাৰ পিচত নিয়া হ'ব নিদিষ্ট স্থানলৈ।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।