পৱিত্ৰ ৰমজানৰ শুভেচ্ছা,ঘৰতে তাৰাবি নামাজ পঢ়িবলৈ আহ্বান আমছুৰ

 04/25/2020 - 13:59

খাৰুপেটীয়া: আজিৰ পৰা আৰম্ভ হ'ব পৱিত্ৰ ৰমজান মাহ। এই ৰমজান মাহত নিজা নিজা ঘৰত থাকি তাৰাবি নামাজ পঢ়িবলৈ আহ্বান জনাইছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আৰু সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে। আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে দিয়া এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনায় যে আজিৰ পৰা আৰম্ভ হৱলগীয়া পবিত্ৰ ৰমজান মাহ উপলক্ষে সকলো অসমবাসী ৰাইজলৈ পবিত্ৰ ৰমজানৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে লগতে সমগ্ৰ বিশ্বত সংক্ৰমণ ঘটা ক'ৰণা ভাইৰাছ (কবিট ১৯) মহামাৰীক ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে আহ্বান জনোৱা লকডাউন কাৰ্যসূচী অহা ইংৰাজী ৩ মে'লৈকে বৃদ্ধি কৰিছে।

ৰমজান মাহত প্ৰতিজন মুছলমান ব্যক্তিয়ে জামাতৰ সৈতে তাৰাবি নামাজ আৰু ৰাজহুৱা বাবে ইফতাৰ আয়োজন কৰা পৰম্পৰা চলি আহিছে যদিও ভাৰত চৰকাৰৰ দ্বাৰা ঘোষণা কৰা লকডাউন কাৰ্যসূচীৰ প্ৰতি সন্মান জনাই প্ৰতিখন মছজিদত জামাতৰ সৈতে তাৰাবি নামাজ আৰু ৰাজহুৱা বাবে ইফতাৰ আয়োজন নকৰিবলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আমছুৱে বিনম্ৰতাৰে আহ্বান জনায়।

প্ৰতি ওৱাক্ত নামাজ যেনেকৈ ইমাম, মোৱাজিন আৰু খাদিমে মিলি আজান দি নামাজ আদায় কৰাৰ দৰে প্ৰত্যেকজন মুছলমানে চৰকাৰে নিৰ্দেশনা মতে তাৰাবি নামাজৰ জামাত আৰু ৰাজহুৱা ইফতাৰ আয়োজন বৰ্জন কৰিবলৈ আমছুৱে আহ্বান জনায়। আমি প্ৰত্যেকজন মুছলমানে সন্মান জনাই চৰকাৰৰ নিৰ্দেশনাক সন্মান জনাব লাগে কিয়নো দেশৰ আইন মানি চলাটো অনিবাৰ্য (ফৰজ)। সেই বাবে আমি প্ৰত্যেক জন মুছলমানে লকডাউনৰ সময়ছোৱাত শুক্ৰবাৰৰ জোম্মা, পাঁচ ওৱাক্ত নামাজ, তাৰাবি নামাজ আৰু ইফতাৰ যাতে ঘৰতে আদায় কৰে তাৰ বাবে সকলোকে আমছুয়ে আহ্বান জনায়।

আনহাতে তাৰাবি নামাজ, ইফতাৰ, জোম্মাৰ নামাজো ইমাম মোৱাজিন আৰু খাদিমক আদায় কৰিবলৈ চৰকাৰে দিয়া নিৰ্দেশনা আমি মানিব লাগে।  লকডাউনৰ সময়ছোৱাত ঘৰৰ ওচৰৰ দুখীয়া মানুহসকলে যাতে অনাহাৰে দিন অতিবাহিত কৰিবলগীয়া নহয় তাৰ প্ৰতিও দৃষ্টি ৰাখিবলৈ আহ্বান জনায় আমছুৱে। হুজূৰে পাক (ছ:) কৈছে যে, তুমি তোমাৰ ওচৰৰ চুবুৰীয়াৰ দুখীয়া মানুহসকলে কেনেকৈ জীৱন নিৰ্বাহ কৰিছে তাৰ খবৰ লৈ সাধ্য অনুসাৰে সহায় কৰা অন্যথাই সেই ব্যক্তি প্ৰকৃত মোমিন হবই নোৱাৰে।

সেয়েহে আমছুৰ প্ৰত্যেকখন জিলা সমিতিক মানৱ জাতিৰ এই জটিল সন্ধিখনত ইজনে আনজনক সহায়ৰ হাত আগবঢ়াবলৈ এই প্ৰেছ বিবৃতি যোগে আহ্বান জনায় আমছুৱে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।