পৱিত্ৰ ৰমজান মাহৰ শুভেচ্ছা মটক ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা যুগল বৰুৱাৰ

 04/25/2020 - 18:00

ডিব্ৰুগড়ঃ সমগ্ৰ বিশ্বতে ক'ৰণা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে চলি থকা লকডাউনৰ মাজতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ আৰু উপাসনাৰ মাহ ৰমজান আজিৰ পৰা আৰম্ভ হৈছে। এই মাহ লোভ, মোহ সকলো ত্যাগ কৰি ইছলাম ধৰ্মৰ লোকসকলক এবাদত(প্ৰাৰ্থনা) কৰাৰ মাহ। পৱিত্ৰ ৰমজান মাহ উপলক্ষে সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ সদৌ অসম মটক ছাত্ৰ সন্থাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ওলগ জনাইছে।

আজিৰ এক প্ৰেছ বিবৃতিত মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা যুগল বৰুৱাই ৰমজান মাহৰ সময়ছোৱাত সকলোকে লকডাউন মানি চলিবলৈও আহ্বান জনাইছে। এই সময়ছোৱাত দেশৰ পৰিৱেশ-পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা লকডাউনৰ নিৰ্দেশনাৰ প্ৰতি সহাঁৰি জনাই সকলোৱে যাতে মছজিদত নামাজ আদায় কৰাতকৈ নিজৰ ঘৰতে নামাজ আদায় কৰিবলৈ ইছলাম ধৰ্মাৱালম্বী লোকসকলক আহ্বান জনাই মটক সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা গৰাকীয়ে।

আনহাতে ডিকমৰ বিশিষ্ট সমাজকৰ্মী চফি আলম খান, ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি দিবাকৰ দত্ত, কাৰ্যকৰী সভাপতি তপন কুমাৰ শইকীয়া আৰু লাহোৱালৰ উদীয়মান যুৱ সমাজকৰ্মী ৰাতুল গগৈয়ে পৱিত্ৰ ৰমজান মানৰ শুভেচ্ছা জনোৱাৰ লগতে এই পৱিত্ৰ ৰমজান মাহে যাতে সম্প্ৰতি বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰা ক'ণা ভাইৰাছক নিঃশেষ কৰি পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনে তাৰ বাবে মহান সৃষ্টিকৰ্তাৰ ওচৰত দোৱা আৰু প্ৰাৰ্থনা জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।