কাকীত পবিত্ৰ ৰমজান উপলক্ষে খাদ্য সামগ্ৰী বিতৰণ

 04/27/2020 - 12:56

লংকা: দেশৰ লগতে ৰাজ্যতো মহামাৰী ক'ৰণা প্ৰতিৰোধৰ বাবে তলাবন্ধ অব্যাহত আছে, তাৰে মাজতে আৰম্ভ হৈছে মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজানৰ ৰোজা। তাৰে প্ৰতি লক্ষ্য ৰাখি লংকাৰ কাকীৰ চলচলী গাঁওৰক্ষী বাহিনীৰ বিশেষ পদক্ষেপ।

চলচলী গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত অঞ্চলটোৰ কিছু দৰিদ্ৰ পৰিয়ালৰ মাজত পবিত্ৰ ৰমজানৰ উপলক্ষে বিতৰণ কৰে খাদ্য সামগ্ৰী, লগতে ৰাজ্যৰ অব্যাহত থকা তলাবন্ধ কাৰ্যসূচী সফলভাৱে পালন কৰিবলৈ সাধাৰণ মানুহৰ মাজত সজাগতা বৃদ্ধি কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।