লংকাত অমান্য লকডাউন: লংকাৰ পাইকাৰী শাক-পাচলি আৰু মাছৰ বজাৰত মানুহৰ হেতা-ওপৰা

 04/27/2020 - 13:05

লংকা: সমগ্ৰ দেশজুৰি লকডাউন। লকডাউনৰ কিছু ক্ষেত্ৰত চৰকাৰে আনিছে শিথিলতা। তাৰে সুযোগ লৈছে কিছু অসাধু ব্যৱসায়ীয়ে। লংকাত পাইকাৰী শাক-পাচলি বজাৰত লকডাউন অমান্য কৰি পুৱাই গ্ৰাহক আৰু ক্ৰেতাৰ ভিৰ। সদাই পুৱতি নিশা ৩ বজাৰ পৰা ভিৰ হয় পাইকাৰী বজাৰখনত।

আনহাতে আকৌ লংকা চহৰত হোমডেলিভাৰী দিলৈ অনা মাছৰ পাইকাৰী বজাৰতো আজি পুৱা গ্ৰাহক আৰু ক্ৰেতাৰ ভিৰ। লংকা পৌৰসভাই দহজন ব্যক্তিক মাছ বিক্ৰী কৰিবলৈ অনুমতি দিছিল যদিও সেই নিৰ্দেশ অমান্য কৰি মাছৰ দায়িত্বত থকা লোকে যাকে তাকে মাছ বিক্ৰী কৰা পৰিলক্ষিত হয়।

পিছত বজাৰ দুখনত আৰক্ষী উপস্হিত হৈ লকডাউন অমান্য কৰাৰ লোকসকলক দৌৰাই খেদি যোৱা পৰিলাক্ষিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।