জিলা প্ৰশাসনৰ নিৰ্দেশক বুঢ়া আঙুলি প্ৰদৰ্শন পে'ট্ৰল পাম্পৰ

 04/27/2020 - 17:54

বিশ্বনাথজিলা প্ৰশাসনৰ নিৰ্দেশনাক বুঢ়া আঙুলি একাংশ পে'ট্ৰল পাম্পৰ৷ সমগ্ৰ দেশ জুৰি ক'ৰণা সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে জাৰি কৰিছে লকডাউন নিৰ্দেশনা৷ লক ডাউনৰ সময়চোৱাত বিশ্বনাথ জিলা প্ৰশাসনে এক নিৰ্দেশনা যুগে প্ৰত্যেক পে'ট্ৰল পাম্পক নিৰ্দেশ দিছিল যে মাস্ক পৰিধান কৰা, জিলা প্ৰশাসনৰ অনুমতি লাভ কৰা আৰু জৰুৰী সেৱাৰ লগত জড়িত লোক সকলকহে পে'ট্ৰল বিক্ৰী কৰিবলৈ নিৰ্দেশ দিছিল৷

কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গ'ল বিশ্বনাথৰ বাঘমাৰীস্থিত ভাৰত পে'ট্ৰলিয়াম পাম্পটোত৷ পে'ট্ৰল পাম্পটোৱে জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাক সম্পূৰ্ণ ৰূপে বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি চলাইছে পে'ট্ৰলৰ অবাধ বেহা৷ আমি কৰা এক চৰজমিন তদন্তত পোহৰলৈ আহিছে গেলানে-গেলানে পে'ট্ৰল বিক্ৰী কৰাৰ তথ্য৷

যাৰ ফলত অনুমতিবিহীন ভাৱে পে'ট্ৰল ক্ৰয় কৰি একাংশই লকডাউন অমান্য কৰি ঘুৰি ফুৰা দেখা গৈছে৷ এতিয়া প্ৰশ্ন হয় যে গেলানে-গেলানে পে'ট্ৰল বিক্ৰী কৰা তেল ডিপোটোৰ বিৰুদ্ধে জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ'ব লক্ষণীয় বিষয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।