বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড: এমাহত ৪৮,৪৬৭ টকাৰ বিল

 04/27/2020 - 18:03

জামুগুৰিহাট: অনিয়মীয়া বিদ্যুৎ যোগান, গ্ৰাহকৰ চাহিদা পূণত চূড়ান্তভাৱে ব্যৰ্থ তথা বিদ্যুৎ মাচুলৰ নামত গ্ৰাহকক হাৰাশাস্তিকে ধৰি অসংখ্য অভিযোগেৰে লুতুৰি পুতুৰি শোণিতপুৰ জিলাৰ জামুগুৰিহাটস্থিত বিদ্যুৎ উপ সংমণ্ডলটোৰ বিৰুদ্ধে পুনৰ উঠিছে অকল্পনীয় বিদ্যুৎ মাচুলৰ বিল প্ৰদান কৰি গ্ৰাহকৰ মুৰত ৰাম টাঙোন সোধা এক ঘটনা। মাত্ৰ এটা মাহৰ অবিশ্বাস্য বিল প্ৰেৰণ কৰি সাধাৰণ ৰাইজৰ চকু কপালত তুলিছে এই বিভাগটোৱে।

জামুগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত ধলাইবিলস্থিত ২ নং বৰপথাৰৰ খৰ্গেশ্বৰ ৰাজবংশী নামৰ লোকজনৰ নামত পুত্ৰ পংকজ ৰাজবংশীয়ে কালি লাভ কৰা বিদ্যুৎ মাচুলৰ নামত অহা ৪৮,৪৬৭ টকাৰ এখন অবিশ্বাস্য বিল বিভাগৰ পৰা লাভ কৰি মুৰে কপালে হাত দিছে।

গ্ৰাহকজনে অভিযোগ কৰা মতে চলিত বৰ্ষত নতুনকৈ মিটাৰ লগোৱাৰ বিপৰীতে জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই দুই মাহত প্ৰায় পোন্ধৰশ টকাৰ স্বাভাৱিক বিল আহে। কিন্তু মাৰ্চ-এপ্ৰিল মাহটোৰ বিপৰীতে ৪৮,৪৬৭ হাজাৰ টকাৰ বিল প্ৰদান কৰিছে সংশ্লিষ্ট বিভাগে।

ইফালে জামুগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ এনে দায়িত্বহীন কাণ্ডই সচেতন ৰাইজৰ মাজত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া। উল্লেখযোগ্য যে বিগত সময়বোৰটো সংশ্লিষ্ট বিভাগে বিদ্যুৎ মাচুল সংগ্ৰহৰ নামত অতিৰিক্ত বিল প্ৰদান কৰি অতিৰিক্ত ধন আদায় কৰি আহিছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।