ভাৰতীয় বায়ু সেনা বাহিনীয়ে ভূপতিত কৰিলে পাকিস্তানী বিমান

 02/27/2019 - 16:05

নতুন দিল্লীঃ ভাৰতৰ বায়ুসেনা বাহিনীয়ে মংগলবাৰে পুৱতি নিশা পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলোৱাৰ পাছত সষ্টম হৈ উঠিছে পাকিস্তান। বুধবাৰে পাকিস্তানী যুঁজাৰু বিমানে ভাৰতৰ আকাশমাৰ্গ জম্মু আৰু কাশ্মীৰৰ ৰাজৌৰি জিলাৰ নাওচেহৰা খণ্ডত উলংঘা কৰে৷

এনেদৰে পাকিস্তানী বায়ু সেনা বাহিনীৰ যুঁজাৰু বিমান ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰাৰ লগে লগেই পূৰ্বৰে পৰা চোকা দৃষ্টি ৰাখি সষ্টম হৈ থকা ভাৰতীয় বায়ু সেনা বাহিনীয়ে পাকিস্তানৰ যুঁজাৰু বিমানক খেদি যায়৷

ভাৰতীয় বায়ু সেনা বাহিনীৰ বিমানৰ সৈতে ফেপেৰি পাতিব নোৱাৰি পাকিস্তানৰ বিমান কেইখন অহাৰ বাটেৰেই উভতি যায়গৈ৷ আনহাতে, আন এক সূত্ৰই প্ৰকাশ কৰা মতে ভাৰতীয় বায়ু সেনা বাহিনীয়ে পাকিস্তানী জেট এখন নিয়ন্ত্ৰণ ৰেখাৰপৰা পাকিস্তানৰ ৩ কিলোমিটাৰ ভিতৰত ভূপতিত কৰে৷

উল্লেখযোগ্য যে বুধবাৰে পুৱা ১০ বাজি ৪০ মিনিটত জম্মু-কাশ্মীৰৰ বাদগামত ভাৰতীয় বায়ু সেনাৰ এখন যুঁজাৰু হেলিকপ্তাৰ এম আই-১৭ দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাৰ কাৰণ কাৰিকৰী বিজুতি বুলি কোৱা হৈছে৷ বাদগামৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয়ছেগৈ আৰু ঘটনাস্থলীৰপৰা পাইলট দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ ঘটনাস্থলীত পোৱা তৃতীয়টো মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.