ধুবুৰী জিলাৰ তিনি গৰাকী ক'ৰণা ৰুগী নিগেটিভ

 04/27/2020 - 18:38

গৌৰীপুৰ: ধুবুৰী জিলাৰ যি তিনিগৰাকী ক'ৰণা ৰোগী ক্ৰমে চাপৰৰ কাজিপাৰাৰ জামাল উদ্দিন হাজী, বিলাসীপাৰৰ হাকামা গাঁৱৰ ৰহিম উদ্দিন আৰু তেওঁৰ পত্নী ৰসিদা খাতুন আক্ৰান্ত হৈছিল যদিও সেয়া বৰ্তমানে তিনিও গৰাকী নিগেটিভ ওলোৱাৰ পিছত গুৱাহাটী MMCH ৰ পৰা ধুবুৰী অসামৰিক চিকিৎসালালৈ অনা হৈছে।

বৰ্তমানে ধুবুৰীৰ প্ৰশন্তি ল'জত ৰখা হৈছে আৰু তেওঁলোকক ১৪ দিন কোৱাৰাণ্টাইনত ৰাখি স্বাস্থ্য পৰীক্ষা কৰি চৰকাৰী নিৰ্দেশনা মতে ঘৰত যাবলৈ দিয়া হ'ব বুলি ধুবুৰী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক বি কে দাসে সাংবাদিকক জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।