সাহায্যৰ নামত বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই ভগালে এটা আলু, একাপ দালি

 04/27/2020 - 19:22

কামপুৰ: বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ সাহায্য বিতৰনত ক্ষুব্ধ একাংশ ৰাইজ। উল্লেখযোগ্য যে বঢ়মপুৰৰ বিধায়ক গৰাকী ৰাইজৰ দুৰ্দিনত খবৰ ল'বলৈও আহৰি নোপোৱা প্ৰসঙ্গত সমষ্টিবাসী ৰাইজ ইতিমধ্যেই গুজৰি-গুমৰি আছিল। শেহতীয়াকৈ ২৬ তাৰিখে বিধায়ক গৰাকীৰ পত্নীয়ে বঢ়মপুৰৰ কেইটামান অঞ্চলত সাহায্য বিতৰন কৰে। নিজ হাতে দিব নোৱাৰা ৰাইজৰ বাবে প্ৰতিটো ওৱাৰ্ডৰ নামত ৫০ কেজি চাউল, দাইল ৪ কেজি, আলু ৫ কেজি, নিমখ দহ কেজি প্ৰদান কৰি থৈ যায় দলীয় কৰ্মীৰ হাতত।

বিশেষকৈ অভাৱে জুৰুলা কৰা দুখীয়া আৰু কৰ্মহীন ৰাইজৰ মাজত বিতৰনৰ বাবে এয়া আছিল একেবাৰে নূণ্যতম সামগ্ৰী। দলীয় কৰ্মীসকলে বঢ়মপুৰ নেধাৰগাঁৱৰ ২৮ ঘৰ দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী খিনি বিতৰন কৰোতে ঘৰে প্ৰতি আলু এটা, দাইল একাপ, ৫টকীয়া নিমখৰ পেকেট এটা, চাউল এক দেৰ কেজিকৈ পৰে। কাৰ্যত দলীয় কৰ্মী সকলে সাহায্য সামগ্ৰী নিজে বিতৰন কৰিবলৈ লাজ অনুভৱ কৰি গাঁৱৰ চেঙেলীয়া ল'ৰা দুজনমানৰ জৰিয়তে সন্ধিয়া মনে মনে দিয়াৰ ব্যৱস্থা কৰে। আজি ৰাতিপুৱা ঘটনাৰ সবিশেষ পোহৰলৈ আহে। এগৰাকী বিধায়কে এটা আলু আৰু একাপ দাইল দিয়া কাৰ্যত অপমান বোধকৰে ৰাইজে। 

"আমি ভিখাৰী নহয়, আমাক অপমান কৰিছে বিধায়কে, আৰু সেয়ে আমি আপোনাৰ সামগ্ৰী আপোনাকে ওভতাই দিছোঁ"- বুলি দুখ প্ৰকাশ কৰিছে একাংশ ৰাইজে। সকলোৱে খাদ্য সামগ্ৰী সমূহ স্থানীয় দলীয় কৰ্মীৰ ঘৰত গৈ ওভতাই দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।