মৰাণত লকডাউন উলংঘা: পিঞ্জৰাবদ্ধ বাঘ চাবলৈ দলে বলে ওলাই আহিল ৰাইজ

 04/29/2020 - 13:10

মৰাণ: দেশজুৰি চলি আছে লকডাউন। স্বাস্থ্য বিভাগে বাৰে বাৰে ঘোষণা কৰিছে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ। কিন্তু আজি মৰাণৰ এটা দৃশ্য দেখিলে আপুনি হতচকিত হৈ পৰিব। মৰাণ নতুন নগৰৰ কমাৰ্চ কলেজৰ ওচৰত নিশা পিঞ্জৰাবদ্ধ হোৱা এটা বাঘ চাবলৈ দলে বলে ওলাই আহিল ৰাইজ। ক'ৰণালৈ কেৰেপ নকৰে এইসকল লোকে। মুখত নাই মাস্ক, নাই সামাজিক দূৰত্ব।

প্ৰায় এমাহ ধৰি মৰাণত সন্ত্ৰাস সৃষ্টি কৰা এটা নাহৰফুটুকী বাঘ আজি পিঞ্জয়াবদ্ধ কৰিলে মৰাণস্থিত খোৱাং আঞ্চলিক বন বিভাগে। অঞ্চলটোত বাঘে ত্ৰাসৰ সৃষ্টি কৰি কেইবাটাও পহুধন হত্যা কৰিছিল। ইয়াকে লৈ ৰাইজ আতংকিত হৈ আছিল। কালি বন বিভাগে স্থাপন কৰা পিঞ্জৰাত বাঘটো আৱদ্ধ হোৱাত এনেদৰে বাঘ চাবলৈ ৰাইজে ভিৰ কৰিছে।

পিঞ্জৰাবদ্ধ বাঘটো জয়পুৰ সংৰক্ষিত অঞ্চলত এৰিব বুলি বন বিভাগে জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।