শ্ৰীৰামপুৰ: ধুবুৰী জিলাৰ তামাৰহাট সমবায় সমিতিৰ সম্পাদক আবু বক্কৰ শ্বেখে একনায়কত্বৰে দুৰ্নীতিৰ পাহাৰ মেলিছে। লকডাউনৰ সময়ত দৰিদ্ৰ পৰিয়ালক সকাহ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে সাহায্য আগবঢ়াইছিল দৰিদ্ৰ পৰিয়ালক। দৰিদ্ৰ পৰিয়ালৰ প্ৰতিজন সদস্যক পাঁচ কেজিকৈ চাউল দিয়াৰ কথা ঘোষণা কৰিছিল। ধুবুৰী জিলাৰ আন আন সমবায় সমিতিত সেই অনুপাতে চাউল আবন্টন কৰা হৈছে যদিও তামাৰহাট সমবায় সমিতি আৰু গ্ৰাহামপুৰ সমবায় সমিতিৰ সম্পাদক গৰাকীয়ে নিজৰ খেয়াল খুচি মতে প্ৰতিজন হিতাধিকাৰীক চাৰি কেজি ছশ পইসত্তোৰ গ্ৰামকৈ চাউল আবণ্টন কৰাৰ কথা নিজে অবগত কৰে।
উল্লেখ্য যে আবু বক্কৰ শ্বেখে দুয়োখন সমবায় সমিতিৰ সম্পাদৰ পদত অধিষ্ঠিত হৈ আছে। আনহাতে সমবায় সমিতিৰ ডিলাৰ সকলে হিতাধিকাৰীক চাৰি কেজি দুশৰ পৰা চাৰি কেজি চাৰিশ গ্ৰামকৈহে চাউল দিয়ে। তাৰোপৰি ৩৫ খন গাঁও পোন্ধৰ বছৰ পূৰ্বেই বিটিচিৰ পৰা ওলাই আহি ধুবুৰী জিলাত চামিল হৈছে যদিও আজিও কি কাৰণে, কাৰ স্বাৰ্থত ৰেচন আদি বিটিচিৰ পৰা গ্ৰহণ কৰি আছে সেয়া সাঁথৰ হৈ পৰিছে।
অভিযোগ উত্থাপিত হৈছে এই ৩৫ খন গাঁৱত ডিলাৰ আৰু তামাৰহাট সমবায় সমিতিৰ বিষয়াৰ লগত কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ ৰেচন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগত গোপন বুজাবুজিৰ বাবে আজিও এই বিভাগটো ধুবুৰী জিলাত চামিল হোৱা নাই।
ভুক্তভোগী গ্ৰাহকসকলে চৰকাৰক অনুৰোধ জনাইছে ৩৫ খন গাঁৱৰ হিতাধিকাৰীক ধুবুৰীৰ পৰা ৰেচন যোগান ধৰিবলৈ।