আৰ্তজনলৈ ইণ্ডিয়ান ৰেডক্ৰছ চ'ছাইটিৰ খাদ্য সামগ্ৰী বিতৰণ

 04/29/2020 - 14:51

লাহৰীঘাট: লকডাউনৰ প্ৰভাৱত আনৰ ঘৰত কাম-বন কৰি জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ পৰিয়ালসমূহৰ পানীত হাঁহ নচৰা অৱস্থা হোৱা পৰিলক্ষিত হৈছে। এনে সময়তে গৃহবন্দী হৈ থকা দৰিদ্ৰ পৰিয়ালক কিছু পৰিমাণে সকাহ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহিল ইণ্ডিয়ান ৰেডক্ৰছ চ'ছাইটিৰ মৰিগাঁও জিলাৰ ভূৰাগাঁও উপ জিলা আৰু গুৱাহাটীৰ চেষ্টা নামৰ এটা স্বেচ্ছাসেৱী সংগঠন।

সংগঠন দুটাই সন্মিলিতভাৱে ভূৰাগাঁও, গেৰুৱা, বাৰকাটিকে আদি কৰি কেইবাখনো গাঁৱৰ তিনি শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, ডালি, মিঠাতেল, আলু, পিয়াঁজ, চাবোন, ছয়াবিন, চাহপাত আদি বিতৰণ। দেশৰ সংকটৰ সময়ত ৰেডক্ৰছ চ'ছাইটিৰ ভূৰাগাঁও উপজিলা আৰু চেষ্টা নামৰ চেষ্টা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ মহানুভৱতাক ভূয়সী প্ৰশংসা কৰিছে অঞ্চলটোৰ ৰাইজে।

অনাগত দিনত আৰু বহু দৰিদ্ৰ পৰিয়ালক সাহায্য দিয়াৰ কথা চিন্তা কৰিছে বুলি জানিব দিয়ে ৰেডক্ৰছ চ'ছাইটিৰ ভূৰাগাঁও উপ জিলাৰ বিষয়ববীয়াসকলে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।