নগাঁৱত ভাড়াঘৰৰ মালিকৰ আতিশয্য: বৰ্ষীয়ান মহিলাক শাৰিৰীকভাৱে আক্ৰমণ

 04/29/2020 - 16:31

নগাঁওযিটো সময়ত একাংশ ভাড়াঘৰৰ মালিকে ভাড়াতীয়াক ভাড়া ৰেহাই দি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে সেই সময়তে নগাঁৱৰ এগৰাকী ভাড়াঘৰৰ মালিকে এগৰাকী ষাঠিৰোৰ্দ্ধৰ মহিলাক শাৰীৰিকভাৱে প্ৰহাৰ কৰি ভাড়াঘৰৰ পৰা উলিয়াই দিয়াক লৈ এতিয়া সমগ্ৰ নগাঁৱতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱৰ খৰমপট্টি অঞ্চলৰ দিপ্তি লিগিৰা নামৰ এজন লোকৰ ভাড়াঘৰত ভাড়াতীয়া হিচাপে আছিল টুনটুনী দাস নামৰ এগৰাকী বৰ্ষীয়ান মহিলা। স্বামীহাৰা মহিলা গৰাকীয়ে আনৰ ঘৰত কাম-বন কৰি পেট প্ৰৱৰ্তাই আছিল যদিও লকডাউনৰ বাবে এতিয়া ঘৰতে আৱদ্ধ হৈ আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে। কিন্তু এই বৰ্ষীয়ান মহিলাগৰাকীৰ এনে দুৰ্যোগৰ সময়তো ভাড়া বিচাৰি মহিলা গৰাকীৰ ওপৰত অত্যাচাৰ চলাই মালিক দিপ্তি লিগিৰা আৰু তেওঁৰ ভতিজা মুন্না লিগিৰাই।

এখন প্লাষ্টিকৰ টোলেৰে মালিক দিপ্তি লিগিৰাই মহিলা গৰাকীৰ মূৰত প্ৰহাৰ কৰাৰ উপৰি এই কাৰ্যত বাধা প্ৰদান কৰা আন এগৰাকী ভাড়াতীয়া যুৱককো প্ৰহাৰ কৰে মালিকৰ ভতিজা মুন্না লিগিৰাই। ইতিমধ্যে এই সন্দৰ্ভত স্থানীয় হয়বৰগাঁও আৰক্ষী চকীত লিখিত অভিযোগ দাখিল কৰিছে ভুক্তভোগী টুনটুনী দাস নামৰ মহিলা গৰাকীয়ে।

নগাঁৱত সংঘটিত এই ঘটনাক লৈ এতিয়া বিভিন্নজনে উদ্বিগ্নতা প্ৰকাশ কৰিছে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।