দৰঙৰ ধুলাত ২০ কিলোগ্ৰাম ওজনৰ কাছ উদ্ধাৰ: বন বিভাগক সমজাই দিয়া হয় কাছটো

 04/29/2020 - 16:56

খাৰুপেটীয়া: লকডাউন চলি থকাৰ সময়তে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দেখুৱালে দৰঙৰ এজন খেতিয়কে। ধাননি পথাৰৰ পৰা প্ৰকাণ্ড কাছ উদ্ধাৰ কৰি চমজাই দিলে বন বিভাগক। জানিব পৰা মতে দৰঙৰ ধুলা থানাৰ অন্তৰ্গত ননকে গৰাপুৰী গাঁৱৰ ধাননি পথাৰত উদ্ধাৰ হয় এটি কাছ। গাঁওখনৰ শুকুৰ আলী নামৰ প্ৰকৃতি প্ৰেমী খেতিয়ক জনে কাছটোক উদ্ধাৰ কৰি খবৰ দিয়ে সংবাদ মাধ্যমক।

সাংবাদিক আবুল হাছেমে আৰু নুৰ আবু জাহেৰ ছিদ্দিকে বন্যপ্ৰাণী সুৰক্ষা সমিতিৰ লগত যোগাযোগ কৰাত নিশা উপস্থিত হয় বন বিভাগৰ দল। দলগাঁও বন্যপ্ৰাণী সুৰক্ষা সমিতিৰ সম্পাদক আব্দুল আজিজৰ লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সহ বনকৰ্মী প্ৰাঞ্জিত ডেকাৰ লগত অহা বনকৰ্মীৰ হাতত চমজাই দিয়ে কাছটো।

প্ৰকৃতি প্ৰেমী নিদৰ্শন দেখুৱা শুকুৰ আলীয়ে এতিয়া প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে অঞ্চলটোত। 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।