চিৰাঙত আৰক্ষীয়ে জব্দ কৰে নিষিদ্ধ থাইলেন মাগুৰ ভৰ্তি ট্ৰাক

 04/30/2020 - 12:58

বিজনীবিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰণা ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰ-প্ৰশাসন ব্যস্ত হৈ পৰাৰ সময়তে চিৰাঙত পৰিবহন বিভাগৰ দল এতিয়া ব্যস্ত ৰাজপথত ধন সংগ্ৰহত৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত থাইলেন মাগুৰ ভৰ্তি ট্ৰাক ধৰি পৰিবহন বিভাগৰ দলে দাবী কৰিলে ৭ লাখ ৫০ হাজাৰ টকা৷ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা বিআৰ ০৪এন৪৫৪৭ নং ট্ৰাকত নিষিদ্ধ থাইলেণ্ড মাগুৰ কঢ়িয়াই অনা বুলি খবৰ লাভ কৰি এনফ’ৰ্চমেন্ট দলে কাজলগাঁৱত ট্ৰাকখন আটক কৰে৷ দলটোৱে ট্ৰাকৰ পৰা  নথি পত্ৰ লৈ আতৰি যায় যদিও পৰৱৰ্তী সময়ত ৭ লাখ ৫০ হাজাৰ টকা দিলেহে এৰি দিয়া হ’ব বুলি জানিব দিয়ে৷

কিন্তু চালকে দাবী কৰা ধন আদায় দিব লৈ সক্ষম নোহোৱাত পুৱা পাচ বজাৰ পৰা সন্ধিয়া আঠ বজালৈ ট্ৰাকখন ৰাজপথৰ দাতিতে আৱদ্ধ কৰি ৰাখে৷ পৰৱৰ্তী সময়ত পৰিবহন বিভাগৰ এনে কাণ্ডৰ বিষয়ে আৰক্ষীয়ে অৱগত হোৱাত তদন্ত আৰম্ভ কৰে ৷ ইফালে পৰিবহন বিভাগৰ দলটোৱে ধৰা পৰাৰ ফলত পথ পত্ৰসমূহ লৰালৰিকৈ চালকক প্ৰদান কৰি ট্ৰাকখন আতৰাই পঠিয়াবলৈ চেষ্টা চলা৷ কিন্তু বিজনীৰ দহলাপাৰাস্থিত টোলগেটৰ সমীপত আৰক্ষীয়ে নিষিদ্ধ মাছ ভৰ্তি ট্ৰাকখন কৰায়ত্ত কৰে ৷ ট্ৰাকখন ধৰাৰ পৰাৰ পিছত পৰিবহন বিভাগৰ ৰাজপথৰ ওপৰত মাফিয়া ষ্টাইলত ধন দাবীৰ ঘটনা পোহৰলৈ আহে৷ 

আৰক্ষীয়ে চালক দিলীপ মণ্ডল আৰু হেণ্ডিমেন বাসুদেৱ সৰকাৰক আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে৷ যোৱা ৰবিবাৰে কলকতাৰ বশিৰহাটৰ পৰা আঠ টন থাইলেন মাগুৰ লৈ ডিমাপুৰ অভিমুখে ৰাওনা হোৱা বুলি দুয়োজনে স্বীকাৰোক্তী দিয়ে ৷ ভূৱা চালানৰ জৰিয়তে মাছ ভৰ্তি ট্ৰাকখন অসমত প্ৰবেশ কৰাৰ লগতে অভাৰ লোড কঢ়িয়াই আনে৷ ইফালে চিৰাং জিলা মীন উন্নয়ণ বিষয়া মৃদুস্মৃতা কলিতাই ট্ৰাকখনৰ মাছ পৰীক্ষা কৰি নিষিদ্ধ প্ৰজাতিৰ বুলি নিশ্চিত কৰে ৷ ইফালে আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্তৰ লগতে ধন দাবীৰে জৰিত পৰিবহন বিভাগৰ বিষয়া-কৰ্মচাৰীক চিনাক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷

দেশজুৰি নিষিদ্ধ এই থাইলেণ্ড মাগুৰ সৰবৰাহৰ বাবে এক ছিণ্ডিকেট চক্ৰ গঢ়ি উঠিছে ৷ তলাবন্ধৰ প্ৰতি লক্ষ্য ৰাখি আন্ত ৰাজ্যিক সীমান্ত বন্ধ হৈ থকাৰ সময়তে নিষিদ্ধ মাছ কঢ়িওৱা ট্ৰাকখনে কিদৰে অসমত প্ৰৱেশ কৰিবলৈ সক্ষম হল তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।