শুৱালকুছিত শিপিনীৰ হাহাকাৰ: বিদ্যুৎ কৰ্তনৰ ভাবুকিৰে ৰাজহুৱা মাইকযোগে ঘোষণা

 04/30/2020 - 15:12

কামৰুপ: দেশজুৰি ক'ৰণাৰ ভয়াবহতা। লকডাউনত স্তব্ধ সমগ্ৰ দেশ। লকডাউনত হাহাকাৰ অৱস্থা পূবৰ মানচেষ্টাৰ শুৱালকুছিৰ শিপিনীৰ। ক্ৰয় বিক্ৰয় বন্ধ। দুবেলা দুমুঠিৰ বাবে চিন্তা হৈছে শুৱালকুছিৰ সাধাৰণ শিপিনীৰ। উৎপাদন প্ৰায় বন্ধ-উৎপাদিত কাপোৰ বিক্ৰী কৰিব পৰা নাই শিপিনীয়ে। এনে সময়তে বিদ্যুৎ মাচুল আদায়ৰ বাবে ASEB ৰ মাইক যুগে ৰাজহুৱা ঘোষণা- তিনিদিনৰ ভিতৰত আদায় দিবলৈ নিৰ্দেশ অন্যথা বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ ভাবুকি। 

বৰ্তমান শুৱালকুছিত কৰ্মৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ- ১১ হাজাৰ শিপিনী আবদ্ধ শুৱালকুছিত বহু মালিকে দিব পৰা নাই খাদ্য সামগ্ৰীকে ধৰি অন্যান্য সুবিধা। শুৱালকুছিৰ স্থায়ী শিপিনী তাত শালত জড়িত থকা লোকৰ উপৰি হাহাকাৰ অৱস্থা শুৱালকুছিত কৰ্মৰত শিপিনীৰ। বৰ্তমান শুৱালকুছিত তাত শাল- ১৫০০০। জনসংখ্যা ৩০,০০০!

বিভিন্ন কাৰণত মৃত্যমুখলৈ গতি কৰা শুৱালকুছিৰ বস্ত্ৰ শিল্প পুনৰ লকডাউনত বিধস্ত হোৱাৰ পথত। এসাজ খাই আন এসাজৰ বাবে এতিয়া চিন্তা। স্বাস্থ্য মন্ত্ৰী তথা জালুকবাৰী বিধায়ক মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ বাবে আহ্বান শুৱালকুছিৰ শিপিনীৰ।

যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ঋণৰ EMI ৰ পৰা ৰেহাই দিছে দেশৰ জনতাক এনে সময়তে শুৱালকুছি বিদ্যুৎ উপ সংমণ্ডলৰ কাণ্ডত প্ৰতিক্ৰিয়া শুৱালকুছিৰ ৰাইজৰ।

বিশ্বৰ মানচিত্ৰত নিজৰ স্বকীয়তাৰে উজলি থকা পূবৰ মানচেষ্টাৰ শুৱালকুছিত এতিয়া হাহাকাৰ অৱস্থা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।