তিনি শিশু সন্তানক লৈ দুৰ্বিষহ জীৱন ৰহাৰ এগৰাকী মহিলাৰ

 05/01/2020 - 13:06

ৰহা: তিনি শিশু সন্তানক লৈ দুৰ্বিষহ জীৱন কটাইছে ৰহাৰ ফুলগুৰিৰ এগৰাকী বিধবা মহিলাই। ফুলগুৰি গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ বাসিন্দা পত্নী ৰিম্পী ডেকা নামৰ এই বিধবা মহিলাগৰাকীৰ কাহিনীয়ে আপোনাৰো অন্তৰ চুই যাব। ফুলগুৰিৰে ৰঞ্জিত ডেকা নামৰ যুৱককনৰ লগত প্ৰায় ন বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল ৰিম্পী। তিনি সন্তানো জন্ম দিলে ৰিম্পীয়ে।

কিন্তু চাৰি বছৰ আগতে ৰঞ্জিত ডেকাৰ আকস্মিক মৃত্যু ঘটে। লগে লগে আন্ধাৰ নামি আহিল ৰিম্পীৰ জীৱনলৈ আৰু এক অবৰ্ণনীয় জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ৰিম্পীয়ে। তিনি সন্তানক লৈ ৰিম্পী এটা জৰাজীৰ্ণ ঘৰত। এই তৰ্জা বেৰৰ ঘৰটো চাৰি বছৰৰ আগতে নিৰ্মাণ কৰি দিছিল ৰহা থানাৰ তেতিয়াৰ এজন আৰক্ষী বিষয়াই। কিন্তু এই ঘৰটোও জৰাজীৰ্ণ হৈ পৰিছে। নষ্ট কৰিলে ধুমুহাই। যাৰবাবে তিনি কনমানিক লৈ ৰিম্পীৰ জীৱনৰ নিৰাপত্তা নাইকিয়া হৈছে।

গাওঁপঞ্চায়তৰ জনপ্ৰতিনিধিৰ ওচৰত এটা চৰকাৰী ঘৰ বিচাৰি হাবাথুৰি খায়ো আজি পৰ্যন্ত নিঃকিন ৰিম্পীয়ে নাপালে এটা চৰকাৰী ঘৰ। ৰিম্পী দুখৰ চকুলো দেখা নাপাই জনপ্ৰতিনিধিয়ে। ইপিনে আনৰ ঘৰে ঘৰে কাম কৰি সন্তানক কোনোমতে খাদ্য যোগান ধৰা ৰিম্পীও হৈ পৰিছে অসুস্থ। পুষ্টিহীনতাত ভোগা ৰিম্পীৰ স্বাস্থ্যই কয় দুৰৱস্থাৰ কথা। কিন্তু সময়মতে দুমুঠি খাদ্য খাবলৈ নোপোৱা ৰিম্পীৰ বাবে চিকিৎসা, ঔষধ এইবোৰ দুৰূহ। মাতৃৰ বেদনাত সন্তানো কান্দি উঠিছে। কিন্ত কৰিব কি এই এমা-ডিমা সন্তানে। ৰিম্পীৰ অবিহনে তিনি শিশুৰ কি অৱস্থা হ'ব সেয়া ভাৱি উদিগ্ন স্থানীয় লোক।

ৰিম্পীক লাগে চৰকাৰৰ সহায়। বিধবা ৰিম্পীৰ এই দুৰ্বিষহ জীৱনৰ কথা জনাৰ পিচত জনপ্ৰতিনিধি তথা চৰকাৰে কিবা ব্যৱস্থা কৰিবনে?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।