কামপুৰত বৃহৎ পৰিমাণৰ কফ চিৰাফ উদ্ধাৰ

 05/01/2020 - 16:09

কামপুৰ: কামপুৰ কাকতি গাঁৱত বৃহৎ পৰিমাণৰ কফ চিৰাফ উদ্ধাৰ। নিশা গাঁওৰক্ষী বাহিনীয়ে কফ চিৰাফসহ জব্দ কৰে এখন কোৱাইট বাহন। কামপুৰ শালমৰা অভিমুখে আহিছিল বাহনখন। বাহন এৰি পলায়ন চেঙাজানৰ দুই ব্যৱসায়ী ইমৰান হুছেইন, আনাৰুল আৰু জেহিৰুল হক।

দীৰ্ঘদিনৰ পৰা তিনিজন লোক ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগ৷ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰৱ্য জব্দ কৰাৰ পিছতো গাঁওৰক্ষী বাহিনীৰ সম্পাদক বচিৰ হকে আৰক্ষীক খবৰ নিদিয়া ঘটনাই এক ৰহস্যৰ সৃষ্টি কৰিছে।

ইফালে ঘটনাৰ সন্দৰ্ভত নিশাই স্থানীয় লোকে আৰক্ষীক খৱৰ দিয়ে যদিও গুৰুত্ব নিদিলে কামপুৰ আৰক্ষীয়ে। পাছত সাংবাদিকৰ তৎপৰতাত আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্য সমূহৰ লগতে AS08-8987 নম্বৰৰ গাড়ীখন জব্দ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।