অভয়পুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত চাউল বিচাৰি ৰাইজৰ হেতা ওপৰা: সামাজিক দূৰত্ব ধোঁৱা চাঙত

 05/02/2020 - 13:30

চৰাইদেউ: কংগ্ৰেছৰ কাৰ্যকালত সূতা কম্বল বিচাৰি গাঁও পঞ্চায়তৰ কাৰ্যালয় সমূ দেখা হেতা ওপৰা কৰা দৃশ্য পুনৰ দেখা গ'ল বিজেপিৰ কাৰ্যকালত এইবাৰ সূতা কম্বলৰ সলনি ৰাইজে চাউল বিচাৰি পঞ্চায়ত কাৰ্যালয় সমূহত হেতা ওপৰা কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

চৰাইদেউ জিলাৰ সোনাৰিৰ অভয়পুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আজি লকডাউনত আবদ্ধ পৰিয়াল সমূহক পাঁচ কিলোগ্ৰামকৈ চৰকাৰী সাহায্যৰ চাউল বিতৰণ কৰা হৈছিল। সেই চাউল সংগ্ৰহ কৰিবলৈ অহা কেইবা শতাধিক ৰাইজে কাৰ্যালয়টোত পুৱাৰে পৰা ভিৰ কৰে। উপস্থিত হোৱা পুৰুষ মহিলাসকলে দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ নীতি নিৰ্দেশনা উলংঘা কৰি কাৰ্যালয়ৰ গেটৰ সন্মুখত ঠেলা হেঁচা কৰি চাউল বলৈ হেতা ওপৰা কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দুজন আৰক্ষীৰ জোৱান নিযোগ কৰা হয় যদিও ৰাইজে আৰক্ষী প্ৰশাসন নিৰ্দেশনা ভেঙুচালি কৰি চাউল লবলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। চৰকাৰী চাউল নিবলৈ অহা হিতাধিকাৰীৰ অধিকাংশৰে মুখত নাচিল কোনো ধৰণৰ মাস্ক

পঞ্চায়ত প্ৰতিনিধি সকলে চাউল ঘৰে ঘৰে বিতৰণ কৰাৰ পৰিবৰ্তে কাৰ্যালয়লৈ হিতাধিকাৰী সকলক মাতি জন সমাগৰ সৃষ্টি কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।