আলিপুৰত চাৰিজনকৈ লোকৰ ক'ৰণা পজিটিভ হোৱাত সীমান্তত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা

 05/02/2020 - 13:46

শ্ৰীৰামপুৰ: বঙাইগাঁও জিলাত চাৰিজনকৈ লোকৰ ক'ৰণা ভাইৰাছ পজিটিভ হোৱাৰ সমান্তৰাল ভাবে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ আলিপুৰ দুৱাৰত চাৰিজনকৈ লোকৰ ক'ৰণা পজিটিভ হোৱাত আৰু অধিক তৎপৰ হৈছে সীমান্তত আৰক্ষী প্ৰশাসন৷ বিশেষকৈ অসম-বংগ সীমান্তৰ পৰা মাত্ৰ কেই কিলোমিটাৰ আতৰত থকা বংগৰ বাৰোবিছাত কোৱাৰেন্টাইনত থকা চাৰিজনকৈ লোকৰ মাৰাত্মক ভাইৰাছত সংক্ৰমিত হোৱাৰ বাতৰিয়ে আৰু অধিক সষ্টম কৰিছে সীমান্তৰত আৰক্ষী

তলাবন্ধ ঘোষণা হোৱাৰ পিছতেই একমাত্ৰ অত্যাবশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনৰ বাহিৰে কোনো বাহন দিবলৈ যোৱা হোৱা নাছিল৷ আলিপুৰদুৱাৰ জিলাৰ বাৰোবিছাত চাৰিজনকৈ ৰোগীৰ গাত ক'ৰণা ভাইৰাছ ধৰা পৰাত সীমান্তত কৰ্তব্যৰত আৰক্ষী আৰু অধিক সষ্টম হৈ সীমান্তত নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে৷ তদুপৰি ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মুল পথৰ বাহিৰে বংগৰ পৰা অসমলৈ অহা সকলো উপপথো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে৷

উপপথৰ কাষতে থকা লোকসকলে নিৰাপত্তাৰ স্বাৰ্থত পথৰ ওপৰত কেম্প নিৰ্মান কৰি বাহৰ পাতি আছে৷ যাতে বংগৰ কোনো লোকে অসমত প্ৰৱেশ কৰিব নোৱাৰে৷ আলিপুৰ দুৱাৰত ক'ৰণা সংক্ৰমিত হোৱা লোকসকল হ'ল ব্ৰজলাল দাস (48), গৌৰ সাহা (51), দীনেশ পণ্ডিত (54) আৰু প্ৰদীপ মন্দল (33)৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।