জুৰীয়াত জুবিন ফেন ক্লাৱৰ সংবাদমেল

 05/02/2020 - 15:49

জুৰীয়া: এইবাৰ দুষ্ট চক্ৰৰ দৃষ্টি পৰিছে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ ওপৰত। দুষ্ট চক্ৰই গুগলত নাম সলনি কৰিছে জুবিন গাৰ্গৰ। গুগলত জুবিন গাৰ্গৰ নাম চাৰ্চ কৰিলে জুবিনৰ নামৰ সলনি আহে মহম্মদ জিহাদ হুছেইন মোন্না বুলি।

গুগলত দুষ্ট চক্ৰই জুবিন গাৰ্গৰ নাম সলনি কৰা সন্দৰ্ভত জুৰীয়াত জুবিন ফেন ক্লাৱে সংবাদ মেলৰ আয়োজন কৰিছে। সংবাদ মেল যোগে জুবিন ফেন ক্লাৱে অসমৰ আৰক্ষী প্ৰশাসনক অতি শীঘ্ৰে গুগলত জুবিনৰ নাম সলনি কৰা দুষ্ট চক্ৰক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ পঠিওৱাৰ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।