
ঢেকীয়াজুলি: ক'ৰণা প্ৰতিৰোধৰ ক্ষেত্ৰত শোণিতপুৰ জিলা প্রশাসনৰ সচেতনতাৰ অভাৱ ঘটিছে। ৰেড জ'ন হিচাপে চিহ্নিত হোৱা ধুবুৰীৰ পৰা ২২ গৰাকীকৈ জামাতী শোণিতপুৰ জিলা প্রশাসনৰ অকৰ্মণ্যতাৰ বাবে নিজ গৃহলৈ উভতি আহিল। ইতিমধ্যে সাংবাদিকৰ অগত ভুল স্বীকাৰ কৰিছে জিলা উপায়ুক্তই। গুৰুত্বপূর্ণ কথাটো হ'ল যে ২২ গৰাকী জামাতী ৰেড জ'নৰ পৰা অহাৰ বাবে জামাতীসকলক কোৱাৰেন্টাইন কৰিলে ঠিকেই কিন্তু উক্ত জামাতীসকলক ধুবুৰীৰ পৰা লৈ অনা আল্ট্ৰা বাছখনৰ চালক, হেণ্ডিমেনক কোনোধৰণৰ কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰা নাছিল।
আনকি এই সন্দৰ্ভত ঠেলামৰা ৰাজহচক্ৰ বিষয়া অৰুন্ধতী নৰহ নিপুণৰ হাতত নাছিল কোনোধৰণৰ তথ্য। যিসময়ত মুখ্যমন্ত্রী, স্বাস্থ্যমন্ত্রী গৰাকীয়ে বাৰম্বাৰ সংবাদ মাধ্যমৰ আগত ক'ৰণাৰ ক্ষেত্ৰত কেনেদৰে সজাগতা অৱলম্বন কৰিব লাগে সেই সম্পৰ্কে উল্লেখ কৰি থকা সময়তে শোণিতপুৰ জিলাত দেখা পোৱা গ'ল ইয়াৰ এক বিপৰীত ছবি।
জানিৱ পৰা মতে, ঠেলামৰা ৰাজহচক্ৰৰ অন্তর্গত একাংশ সচেতন ব্যক্তিয়ে জামাতীসকলক অনা বাছখনৰ চালক, হেণ্ডিমেনক কোৱাৰেন্টাইনৰ বাবে ঠেলামৰা ৰাজহচক্ৰ বিষয়া গৰাকীক অৱগত কৰোৱাৰ পাছতহে এই দুগৰাকী লোকক কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰে। এতিয়া কথা হ'ল যিসময়ত ৰেড জ'নৰ পৰা কোনো লোকক অন্য জিলালৈ অহা-যোৱাৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰা হৈছে, তেনে সময়তে শোণিতপুৰ জিলা প্রশাসনে ব্যৱস্থা কৰি দিয়ে ই-পাছৰ।
ৰেড জ'ন জিলাৰ পৰা শোণিতপুৰলৈ লৈ অনা ২২ গৰাকীকৈ লোকক পিছত কৰা হ'ল কোৱাৰেন্টাইন। কিন্তু কৰা নহ'ল ঠেলামৰা ৰাজহচক্ৰৰ অন্তর্গত মামনি বাছখনৰ হেণ্ডিমেন জয়নাল উদ্দিন আৰু আল্ট্ৰা বাছখনৰ মালিক আজিবুৰ ৰহমানক গাড়ীৰ চাবি গতাই ঘৰলৈ যোৱা বাছ ড্ৰাইভাৰ। কিন্তু সেইখিনি সময়লৈকে এইসকল লোকক জিলা প্রশাসনে কৰা নাছিল কোৱাৰেইন্টাইনৰ ব্যৱস্থা।
শেহতীয়াকৈ ঠেলামৰাৰ একাংশ সচেতন ব্যক্তিয়ে ঠেলামৰা ৰাজহচক্ৰ বিষয়াক এইসকল লোকৰ কথা অৱগত কৰাত, এই বিষয়ে অৱগত নহয় বুলি উল্লেখ কৰে ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে। পিছত স্থানীয় লোকৰ তথ্য অনুসৰি দুগৰাকীকৈ লোকক কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰে যদিও বাছখনৰ মালিক আৰু উক্ত বাছখনক কোৱাৰেন্টাইন আৰু চেনিটাইজাৰৰ ব্যৱস্থা নকৰাৰ অভিযোগ সচেতন লোকৰ।
এতিয়া এনেদৰেই ক'ৰণা প্ৰতিৰোধৰ ক্ষেত্ৰত নামি পৰিছে শোণিতপুৰ জিলা প্রশাসন।