
ডিজিটেল ডেস্ক: নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ একাংশ অঙ্গনবাড়ী কেন্দ্ৰতে ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ বৰচুলিয়া, কুৰিহামাৰী, শিয়ালমাৰী, কালাৰচৰ আদি কেন্দ্ৰত শিশুসকলৰ খাদ্য-সামগ্ৰী আত্মসাৎ কৰিছে একাংশ অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে। কাগজে কলমে আছে শ শ অংগনবাৰী কেন্দ্ৰ কিন্তু বাস্তৱত তাক বিচাৰি পোৱা নাযায় অধিকাংশ কেন্দ্ৰ।
কিন্তু শিশুসকলৰ নামত অহা সকলো বস্তুৱেই আত্মসাৎ কৰি আছে একাংশ অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে। শিশু, গৰ্ভৱতী মহিলা সকলক দিয়া নাই কোনো খাদ্য সামগ্ৰী। বৰক্ষেত্ৰী শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা ৩১৪ নং দক্ষিণ বৰচুলিয়া অঙ্গনবাড়ী কেন্দ্ৰটোৰ চৰকাৰী নথি-পত্ৰত আছে যদিও বাস্তৱত ৰাইজে দেখা নাপায় অঙ্গনবাড়ী কেন্দ্ৰটো। শিশুসকলৰ খাদ্য সামগ্ৰীৰ লগতে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰটোৰ কৰ্মী আছমা খাতুনৰ বিৰুদ্ধে। শিশুসকলক নিদিয়ে কোনো খাদ্য-সামগ্ৰী। শিক্ষাদান কৰিবলৈ নাই কোনো শ্ৰেণী কোঠা।
কিন্তু সময় মতে ঠিকেই উলিয়াই আছে চৰকাৰী ধন। আছমা খাতুনৰ এনে কেলেংকাৰী দেখি ৰাইজ অবাক আৰু অতিষ্ঠ হৈ ৰাইজে আছমা খাতুনৰ বিৰুদ্ধে তদন্ত কৰিবলৈ বৰক্ষেত্ৰী শিশু সংহত উন্নয়ন বিষয়াক তিনিবাৰকৈ আবেদন কৰে যদিও কোনো গুৰুত্বই নিদিলে বিভাগীয় কৰ্তৃপক্ষই। সভাপতিৰ চহী অবিহনে বেংকৰ পৰা ধন উলিয়াই আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন কৰিছে কৰ্মী আছমা বেগমৰ বিৰুদ্ধে কেন্দ্ৰটোৰ সভাপতি মজিদ আলীয়ে। চহী জাল কৰি বিভাগীয় কৰ্তৃপক্ষৰ সৈতে মিলি ধন সৰকাই আছে আছে বুলিও অভিযোগ আনে সভাপতি মজিদ আলীয়ে।
কেন্দ্ৰটোৰ সভাপতি তথা স্থানীয় ৰাইজে কেন্দ্ৰটোৰ উচিত তদন্ত কৰিবলৈ অনুৰোধ চৰকাৰলৈ। কেৱল এইটো কেন্দ্ৰই নহয় বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ অধিকাংশ কেন্দ্ৰতে ব্যাপক দুৰ্নীতি, অনিয়ম সংঘটিত হোৱাৰ অভিযোগ আছে।
এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় বিষয় হ'ব।