বন্যহস্তীৰ আক্ৰমণত নিহত বৃদ্ধ

 05/04/2020 - 17:51

ডবকা: ৰাজ্যৰ লগতে হোজাই জিলাটো দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। প্ৰায়ে হোজাইৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত বন্যহস্তীয়ে মানুৰ ঘৰবাৰী, খেতি আদি বিনষ্ট কৰাৰ লগতে মানুহৰ জীনো ধ্বংস কৰি আহিছে। এইবাৰ হোজাইত হস্তী মানুহৰ সংঘাতৰ চূড়ান্ত ৰূপ। বন্যহস্তীৰ আক্ৰমণত নিহত ষাঠিঊৰ্ধৰ এজন বৃদ্ধ।

হোজাইৰ হাৱাইপুৰ বনাঞ্চলত বনবিভাগৰ কাৰ্যালয়ৰ নিচেই কাষতেই বন্যহস্তীৰ আক্ৰমণত নিহত হয় চিৰাজুদ্দিন নামৰ এজন বৃদ্ধ। বৃদ্ধজনৰ ঘৰ হোজাই গোপাল নগৰত। হোজাইৰ গোপালনগৰৰ পৰা গাখীৰ নিবৰ বাবে হাৱাইপুৰলৈ আহিছিল বৃদ্ধ লোকজন। পুৱা প্ৰায় সাতমান বজাত বন বিভাগৰ কাৰ্যালয়ৰ পৰা মাত্ৰ এশ মিটাৰ মান দূৰত্বত হাতীৰ আক্ৰমণত নিহত হয় লোকজন। কিন্তু এই ঘটনাৰ কথা ভূকেই নাপালে বনবিভাগৰ লোকে।

স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়াতহে গম পালে বনবিভাগৰ লোকে। পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি পুৱাৰ চেহৰী সমাপ্ত কৰি কেইজনমান লোকক গাখীৰ দিবলৈ বাকী আছে বুলি ঘৰৰ পৰা ওলাই আহিছিল বৃদ্ধজন৷ ঘৰৰ লোকে ওলাই অহাত বাধা দিছিল বৃদ্ধজনক৷ কিন্তু আজি অন্তিমবাৰৰ বাবে গাখীৰ বোৰ দিয়াৰ পিছত আৰু এই কাম নকৰাৰ আশ্বাস দি ঘৰৰ পৰা পিতৃ ওলাই অহাৰ কথা জনাইছিল চিৰাজুদ্দিনৰ পুত্ৰই।

কিন্তু ওলাই অহাৰ পিছত ঘৰলৈ ঘূৰি নগ'ল লোকজন। বন্যহস্তীৰ আক্ৰমণত চিৰাজুদ্দিনৰ নিথৰ দেহ চিৰাচিৰ হৈ পৰি ৰ'ল হাৱাইপুৰ বনাঞ্চলৰ চেগুন বাগানত। তলকিবই নোৱাৰিলে নিচেই কাষতেই থকা বনবিভাগৰ লোক সকলে। হোজাইত এই ঘটনাৰ লৈ সৃষ্টি হৈছে উত্তেজনাৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।