কঠিয়াতলী নেপালী খুঁটিত বৃহৎ পৰিমাণৰ কাঠ জব্দ

 05/06/2020 - 12:32

কামপুৰকঠিয়াতলী নেপালী খুঁটিত বৃহৎ পৰিমাণৰ কাঠ জব্দ। কাৰ্বি আংলং পাহাৰৰ পৰা হৰেন বৰা নামৰ এজন ব্যক্তিয়ে আনি মজুত ৰাখিছিল কাঠখিনি। স্থানীয় লোকৰ খবৰৰ ভিত্তিত বন বিভাগে জব্দ কৰিবলৈ সক্ষম হয় কাঠখিনি। বন বিভাগৰ লোক উপস্থিত হোৱাত পলায়ন কৰে হৰেন বৰা।

জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় ৮০ হাজাৰ টকা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।