ডিজিটেল ডেস্কঃ চৰম আতংকত দিন কটাইছে ওড়িশাত আবদ্ধ অসমৰ লোকসকলে৷ সাগৰীয় ঘূর্ণিবতাহ ফণীয়ে ৰাজ্যখনৰ উপকূলত ইতিমধ্যে খুন্দা মাৰি ত্রাসৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, পুৰীৰ হোটেলত অসমৰ পৰা যোৱা দুই শতাধিক তীর্থযাত্রী আবদ্ধ হৈ আছে৷
এইসকল তীর্থযাত্রীয়ে উদ্ধাৰৰ বাবে অসম চৰকাৰৰ প্রতি আকুল আহ্বান জনাইছে৷ ঘৰলৈ উভতি আহিবলৈ উদগ্রীৱ হৈ থকা তীর্থযাত্রীসকলে চৰকাৰৰ ওচৰত সহায় ভিক্ষা মাগিছে৷ উল্লেখযোগ্য যে টিহু, হাৰমতী, হাজো, গোলাঘাট আদি বিভিন্ন স্থানৰ পৰা জগন্নাথ মন্দিৰ দর্শনৰ বাবে যোৱা তীর্থযাত্রীসকলৰ সৰহসংখ্যকেই উভতি আহিব পৰা নাই৷
কালি ৩৪ জনীয়া তীর্থযাত্রীৰ দল এটা ৰে’লযোগে হাওৰালৈ ৰাওনা হৈছে যদিও ৰে’লত অসমৰ দলটোৱে বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা বুলিও জানিব পৰা গৈছে৷ ওড়িশাত আবদ্ধ হৈ থকা অসমৰ তীর্থযাত্রীসকলক সুকলমে ঘূৰাই অনাৰ ক্ষেত্রত বিশেষ তৎপৰতা প্রদর্শনত ব্যর্থ হৈছে ৰাজ্য চৰকাৰ৷
সোনকালে ঘূৰি আহিবলৈ সক্ষম নহ’লে খাদ্য আৰু ধনৰ অভাৱত দুৰ্ভোগ ভুগিব লাগিব অসমৰ তীর্থযাত্রীসকলে৷ পুৰীৰ পৰা ফ’নযোগে বহুকেইজন তীর্থযাত্রীয়ে আত্মীয়ক এই বিষয়ে জানিবলৈ দিছে৷ ফণীৰ প্রভাৱত ৰাজ্যত প্রাকৃতিক দুৰ্যোগৰ আশংকাত দুৰ্যোগ প্রশমন বিভাগে এন ডি আৰ এফ আৰু এছ ডি আৰ এফক সতর্ক হৈ থাকিবলৈ নির্দেশ দিছে বুলি দিছপুৰৰ এক সূত্রই জানিবলৈ দিয়ে৷ আনহাতে বৰঝাৰ বিমান বন্দৰৰ পৰা ভুৱনেশ্বৰ অভিমুখী বিমানৰ উৰণ বাতিল কৰা হৈছে৷