পবিত্ৰ মক্কাত সোমবাৰৰ পৰা আৰম্ভ হৈছে ৰমজানৰ ৰোজা

 05/07/2019 - 17:22

কলগাছিয়া: চৌদি আৰৱৰ মক্কাৰ কাবা শ্বৰিফৰ ইমাম শ্বেখ আব্দুৰ ৰহমান আল ছুদাইছে চাঁদ উদয় হোৱা বুলি ঘোষণা কৰাৰ লগে লগে পবিত্ৰ মক্কাত আৰম্ভ হৈছে ৰমজানৰ ৰোজা। পবিত্ৰ মক্কাত মুম্বাইৰ আল-আমিনা ওমৰা হজ ট্ৰেভেলছৰ ৬০ গৰাকী আৰু বিশ্বৰ আন আন দেশৰ পৰা হাজাৰ হাজাৰ ওমৰাহ হজযাত্ৰী মক্কাত উপস্থিত হৈছে।

ওমৰা হজযাত্ৰীসকলে কাবা শ্বৰিফত তাৰাবিৰ নামাজ আদায় কৰাৰ লগতে বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছে। মুম্বাইৰ ওমৰা হজ ট্ৰেভেলছৰ মুখ্য পৰিচালক আলহাজ মন্নাফ আলী আৰু অসম ওমৰা হজ ট্ৰেভেলছৰ মুখ্য সচিব আলহাজ মনিৰ উদ্দিনৰ দায়িত্বত থকা আটাইকেইজন ওমৰা হজযাত্ৰী মক্কাৰ হোটেলত আশ্ৰয় গ্ৰহণ কৰিছে।

মক্কাৰ কাবা ঘৰত হাজাৰ হাজাৰ ওমৰাহ হজযাত্ৰীসকলে একত্ৰিত হৈ ইফতাৰ কৰি মাগৰিবৰ নামাজ আদায় কৰিছে। এওঁলোকে মক্কাত ১৫ দিন আৰু মদিনাত ১৫ দিন ওমৰাহ হজ পালন কৰি এমাহ ৰোজা ৰখাৰ পিছত ঈদৰ নামাজ আদায় কৰি পুনৰ জেদ্দা বিমান বন্দৰৰ পৰা মুম্বাই অভিমুখে ওভতি আহিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।