05/20/2019 - 12:24
in
ডিজিটেল ডেস্কঃ চেন্নাই বিমান বন্দৰত জৰুৰী অৱতৰণ চিংগাপুৰ-বাউণ্ড স্কুট এয়াৰৱেজ বিমানৰ। সোমবাৰে পুৱা ৩.৪০ বজাত তামিলনাডুৰ ত্ৰিচীৰ পৰা উৰা মাৰিছিল টিআৰ৫৬৭
বিমানখন।উৰা মৰাৰ কিছু সময় পাছতে বিমানৰ কাৰ্গ’ত ধোৱা প্ৰত্যক্ষ কৰে পাইলটে।যাৰ ফলত জৰুৰীভাৱে চেন্নাই বিমান বন্দৰত অৱতৰণ কৰিব লগা হয়।
বিমান খনৰ ভিতৰত আছিল ১৬১ জন যাত্ৰী আৰু ক্ৰিউ মেম্বাৰ। এক নিশ্চিত দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে যাত্ৰীসকল।
সোমবাৰে সন্ধিয়া টিআৰ৫৬৭ বিমানখন পুনৰ চিংগাপুৰ অভিমুখে উৰা মৰাৰ সম্ভাৱনা।