দিল্লী: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হ'বলৈ মাত্ৰ কিছুদিন বাকী থকাৰ সময়ত এনআৰচিৰ আপত্তিৰ নামত ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে আমছুৱে। আজি দিনৰ ১১ বজাৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত আমছুয়ে দুঘণ্টীয়া অৱস্হান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। আমছুৱে অভিযোগ কৰা মতে আপত্তিৰ নামত সাধাৰণ ৰাইজক এখন জিলাৰ পৰা আন এখন জিলালৈ হিয়াৰিঙত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হয়।
ৰাইজে কষ্ট কৰি উপস্থিত হয় যদিও কোনো আপত্তিকাৰী উপস্থিত নহয়। তেনেক্ষেত্ৰত আপত্তিকাৰীসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে কিয় বুলি প্ৰশ্ন উত্থাপন কৰে। আপত্তিৰ নামত যদি আপত্তিকাৰীসকল উপস্থিত নাথাকে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আমছুৱে। আপত্তিৰ নামত আমছুৱে প্ৰতীক হাজেলাকো জগৰীয়া কৰে। প্ৰতীক হাজেলাৰ বাবেই এনেধৰণৰ একপক্ষীয় কাৰ্য সংঘটিত হৈ আছে আমছুৱে উল্লেখ কৰে।
লগতে আমছুৱে কয় একাংশ সংগঠনে এসময়ত এনআৰচিৰ প্ৰস্তুতৰ কাৰণে চিঞৰ বাখৰ কৰি আছিল যদিও এনআৰচি প্ৰস্তুত হোৱাটো তেওঁলোকে নিবিচাৰে বুলিও উল্লেখ কৰে আমছুৱে। অৱস্হান ধৰ্মঘট কাৰ্যসূচীৰ শেষত ৯ দফীয়া দাবীৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, এনআৰচিৰ মহাপঞ্জীয়কলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।