হাজোৰ দোকনীয়াত বামুন্দী ৰাইজৰ উচ্ছেদ অভিযান

 10/07/2021 - 15:37
 
 
কামপুৰঃ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম বংশৰ মৌজাৰ ২নং দোকনীয়াত বামুন্দী ৰাইজৰ উচ্ছেদ অভিযান। কিছুদিন ধৰি এটা বেনামী NGO ই অবৈধভাৱে দখল কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ব্ৰহ্মপুত্ৰৰ চৰত থকা বামুন্দী ৰাইজৰ সংৰক্ষিত ভূমি আজি সহস্ৰাধিক লোকে বেনামী NGO ৰ ঘৰ ভাঙি বেদখল উচ্ছেদ কৰে।
 
স্থানীয় প্ৰশাসনক বহুবাৰ উচ্ছেদৰ বাবে আহ্বান জনাইছিল যদিও প্ৰশাসনে কোনো সহাৰি নিদিয়াৰ বাবে আজি বামুন্দী ৰাইজে ভূমি খিনি উচ্ছেদ কৰে। বৃহত্তৰ বামুন্দী ৰাইজৰ উদ্যোগত পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি বামুন্দী ৰাইজে প্ৰায় ২০০ বিঘা ভূমি উচ্ছেদ কৰি পুনৰ মাহ ছটিয়াই বেদখল মুক্ত কৰে। এতিয়াও দোকানীয়া গ্ৰেজিঙ ৰিজাৰ্ভৰ ২২ হাজাৰ বিঘা চৰকাৰী ভূমি সন্দেহজনক নাগৰিকৰ দখলত। বছৰ বছৰ ধৰি সন্দেহজনক নাগৰিকে দখল কৰি থকাৰ পাছতো চলা নাই উচ্ছেদ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।