10/09/2021 - 13:52
in
হোজাইঃ কাশ্মীৰত ৫ গৰাকীকৈ হিন্দু লোকক নৃশংসভাৱে হত্যা কৰাক লৈ তীব্র প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে ৰাষ্ট্রীয় ৰাজ মাৰ্গ। ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সাব্যস্ত কৰে এই তীব্ৰ প্ৰতিবাদ।
প্ৰতিবাদস্থলীত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে পাকিস্তান মূর্দাবাদ, হিন্দু হত্যা কৰা নচলিব, জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। উক্ত কাৰ্যসূচীত হোজাই জিলাৰ বিশ্ব হিন্দু পৰিষদৰ সভাপতি ৰতন ৰয়সহ উপ সভাপতি অশোক কেজৰীয়ালৰ লগত হোজাই জিলাৰ সমূহ বজৰং দলৰ কাৰ্যকৰ্তা অংশগ্ৰহণ কৰে।