10/12/2021 - 20:19
in
নিউজ ডেস্কঃ দেশত অতি শীঘ্ৰে শিশুক প্ৰদান কৰা হ’ব ক’ৰণাৰ ভেকচিন। শিশুৰ বাবে নিৰ্মাণ কৰি উলিওৱা ক’ৰণাৰ ভেকচিনত অনুমোদন প্ৰদান কৰিছে বিশেষজ্ঞ কমিটীয়ে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শিশুসকলৰ বাবে ভাৰত বায়োটেকৰ ভেকচিনৰ অনুমোদন প্ৰদান কৰিছে। ভাৰত বায়োটেক ভেকছিন এতিয়া দেশত ২ ৰ পৰা ১৮ বছৰ বয়সৰ শিশুক দিয়া হ’ব।
এই সন্দৰ্ভত নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই জাৰী কৰিব। উল্লেখ্য যে বাৰত বায়টেক আৰু আই চি এম আৰে শিশুৰ বাবে একেলগে ভেকছিন তৈয়াৰ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে কোম্পানীৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি এই ভেকছিনত অনুমোদন জনাইছে।