বিহালীত বনৰীয়া হাতীৰ উপদ্ৰৱঃ ১০০ বিঘাত কৈ অধিক ধান খাই তহিলং

 10/17/2021 - 19:39
 
 
 
 
 
বিহালীঃ বিহালীত অব্যাহত আছে বনৰীয়া হাতী তাণ্ডৱ। যোৱা এসপ্তাহ ধৰি বিহালী বিভিন্ন অঞ্চলত প্ৰায় ৭০/৮০ টা বনৰীয়া হাতীয়ে বিহালী বিভিন্ন অঞ্চলত প্ৰৱেশ কৰি শ শ কৃষি ভূমি নষ্ট কৰা লগতে ধান খাই তহিলং কৰা দেখা গৈছে। অতিষ্ঠ বিহালীবাসী।
 
খাদ্য সন্ধানত বিহালী সংৰক্ষিত বনাঞ্চল আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰা উলাই অহা হাতী জাকটো দাঁতিকাষৰীয়া অঞ্চল সমূহত প্ৰৱেশ কৰি ধানকে ধৰি বিভিন্ন শস্য খোৱা লগতে নষ্ট কৰি আহিছে যদিও গুৰুত্ব নাই বিশ্বনাথৰ বন বিভাগৰ।
 
আন দিনাৰ দৰে শনিবাৰে পুৱতি নিশা বিহালী সংৰক্ষিত বনাঞ্চল পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ কুলাগুৰী, কমাপুখুৰী হৈ ৰাংছালী ঢেকেৰা পথাৰত প্ৰৱেশ কৰে  প্ৰায় ৭০/৮০ টা হাতী।
 
উক্ত হাতী জাকটোয়ে প্ৰায় ১০০ বিঘাৰো অধিক কৃষি নষ্ট কৰা লগতে খাই তহিলং কৰে বনৰীয়া হাতী জাকটোৱে। ইফালে উৰে নিশা স্থানীয় ৰাইজে হাতী জাকটো খেদি পঠিয়াবলৈ চেষ্টা কৰে যদিও বন বিভাগৰ পৰা কোনো সহায় নোপোৱা অভিযোগ উত্থাপিত হৈছে।
 
আনহাতে একাংশ কৃষকে সঞ্চয় গোটৰ পৰা ধন লৈ খেতি কৰিছিল যদিও এতিয়া বিপাঙত পৰিছে কৃষক কাৰণ উক্ত খেতি হাতীয়ে শেষ কৰিলে যাৰ ফলত ধন ঘুৰাবলৈ অসুবিধা হোৱা কথা প্ৰকাশ কৰে।
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।