10/18/2021 - 13:31
in
জামুগুৰিহাটঃ জামুগুৰিহাটৰ কুসুমটোলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিশাৰ ভাগত গৰাকী বিহীন উদঙীয়া গৰুৰ বিচৰণে যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনাত সংঘটিত হোৱা সম্ভৱনা বৃদ্ধি কৰিছে।
কুসুমটোলা আৰু ইয়াৰ নিকটবৰ্তী একাংশ গাঁৱৰ ৰাইজে তেওঁলোকক পোহনীয়া গৰু গাই সমুহ এৰি দিয়াৰ লগতে সন্ধ্যাৰ ভাগত গৰুসমূহ নিজৰ নিজৰ ঘৰলৈ উভতাই নিবলৈ নহাৰ বাবেই এইসমুহ গৰুৱে নিশাৰ ভাগত কুসুমটোলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
ৰাষ্ট্ৰীয় ঘাইপথৰ মাজভাগত গৰুসমুহ ৰৈ থকাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰে অহা-যোৱা কৰা যান-বাহনসমূহে অসুবিধাৰ সন্মুখীন হয়। যোৱা কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰৈ থকা গৰু বচাবলৈ গৈয়েই দুখনকৈ ট্ৰাকৰ মুখামুখি সংঘৰ্ষত দুজনকৈ চালকে অকাল মৃত্যুক আকোৱালি ল'বলগা হৈছিল ইয়াৰোপৰি নিশাৰ ভাগত এইসমুহ গৰুৱে অগাদেৱা কৰাৰ ফলত কেইবাটাও মটৰ চাইকেল দুৰ্ঘটনাও সংঘটিত হৈছে।
অঞ্চলটোৰ ৰাষ্ট্ৰীয় ঘাইপথত যাতে আগন্তুক সময়ত এইদৰে বিচৰণ কৰি থকা গৰাকী বিহিন গৰুৰ বাবেই পুনৰ দুৰ্ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰবাবে গৰাকী বিহীন গৰুৰ বিচৰণৰ ক্ষেত্ৰত প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে।