10/29/2021 - 17:55
in
বিহালীঃ বিশ্বনাথৰ বাঘমাৰীত ব্ৰহ্মপুত্ৰ চাপৰি ষ্টাৰ ক্লাৱৰ সৌজন্যত ব্ৰহ্মপুত্ৰ চাপৰি খেল পথাৰত চেলেঞ্জাৰ ট্ৰফী প্ৰাইজমানী ফাইনেল ফুটবল খেল বিয়লি ৩-৩০বজাত অনুষ্ঠিত হয়। ব্ৰহ্মপুত্ৰ চাপৰি ষ্টাৰ ক্লাৱ বনাম গলিয়া ননকে্ জাপৰিগুৰিৰ মাজত অনুষ্ঠিত হোৱা বন্ধত্বপূৰ্ণ খেলখনৰ সভাপতিত্ব কৰে বাঘমাৰীৰ শিক্ষক নুৰ হুছেইনে আৰু খেলখন উদ্ধোধন কৰে মোনাবাৰী জিলা পৰিষদৰ সদস্য শ্ৰীযুত তৰুণ তাঁতীয়ে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে গ্ৰীন আচিয়ানা ৱেলফেয়াৰ চছাইটিৰ সঞ্চালিকা স্নিগ্ধাশিখা গোস্বামী হাজৰিকা উপস্থিত খেলুৱৈ সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। খেলখন নিৰ্ধাৰিত সময়ত গ’ল শুণ্য হিচাপে সমাপ্ত হোৱাত ট্ৰাই’ৱেকাৰৰ জৰিয়তে ব্ৰহ্মপুত্ৰ চাপৰি ষ্টাৰ ক্লাৱে ৪-২গলত জয়ী হয়। খেলৰ উদ্যোক্তাৰ হৈ যুৱ সমাজ সেৱক হাফিজ মন্ডলে ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায় সহযোগিতাক শলাগ জনায় আৰু অনাগত দিনতো খেল অনুষ্ঠিত কৰাৰ কথা কয়। শেষত বিজয়ী-বিজিত উভয় দলৰ খেলুৱৈৰ হৈ অধিনায়ক সকলক ফুলাম গামোছা, প্ৰাইজমানী আৰু ট্ৰফী প্ৰদান কৰা হয়।