আজি অভিশপ্ত ৩০ অক্টোবৰ! ৰাজ্য কঁপাই যোৱা বোমা বিস্ফোৰণৰ ১৩ বছৰ

 10/30/2021 - 12:16
 
 
 
নিউজ ডেস্কঃ আজি ৩০ অক্টোবৰ! ২০০৮ চনৰ আজিৰ দিনটোতেই হোৱা ধাৰাবাহিক বিস্ফোৰণে কঁপাই গৈছিল সমগ্ৰ ৰাজ্য। মহানগৰীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰীসহ ৰাজ্যৰ কোকৰাঝাৰ, বৰপেটাৰোড, বঙাইগাঁৱত সংঘটিত কৰিছিল ধাৰাবাহিক বিস্ফোৰণ।
 
আজি ১৩টা বছৰ সম্পূৰ্ণ কৰিলে সেই ভয়াৱহ বিস্ফোৰণৰ ঘটনাই। শিশুকে ধৰি ৪০ জনতকৈয়ো অধিক লোকৰ প্ৰাণ লোৱা এই নিৰ্বিচাৰ হত্যালীলাৰ স্মৃতিয়ে আজিও ভুক্তভোগী পৰিয়ালৰ লগতে প্ৰতিজন মানৱ দৰদী লোকৰ অন্তৰ সেমেকাই তোলে।
 
আনহাতে এই ভয়ংকৰ বিস্ফোৰণত আহত হৈছিল ৪০০ তকৈ অধিক লোক। ২০০৮ চনৰ ৩০ অক্টোবৰত বিদ্ৰোহী সংগঠন এন ডি এফ বিয়ে সংঘটিত কৰিছিল এই ধাৰাবাহিক বিস্ফোৰণ। এই ধাৰাবাহিক বিস্ফোৰণৰ অভিযুক্ত বিদ্ৰোহী সংগঠন এন ডি এফ বি (ৰঞ্জন দৈমাৰী) গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল।
 
ঘটনাৰ তদন্ত কৰি দুখনকৈ চাৰ্জশ্বীট দাখিল কৰিছিল চিবিআইয়ে।চাৰ্জশ্বীটত আছিল ২২ জনৰ নাম। ২২ জনৰ ভিতৰত ৭ জন আছিল পলাতক।বাকী আদালতত উপস্থিত থকা ১৫ জনৰ ভিতৰত ১৫ জনকে দোষী সাব্যস্ত কৰিছিল আদালতে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।