বিহালীত বন্যহস্তীৰ তাণ্ডৱঃ ভাঙি পেলালে কেইবাটাও বাসগৃহ, কুম্ভকৰ্ণৰ নিদ্ৰাত বন বিভাগ

 10/30/2021 - 12:43
 
 
 
বিহালীঃ বিহালীত হাতী মানুহৰ সংঘাত দীৰ্ঘদিনীয়া। কাজিৰঙা ষষ্ঠ সংযোজন আৰু বিহালী বনাঞ্চলৰ পৰা ওলাই অহা ৪০/৫০ জনীয়া হাতীৰ জাকে ধাননি পথাৰ খাই গছকি নষ্ট কৰি আহিছে যদিও বন বিভাগৰ লোকে কোনো ধৰণৰ কাণষাৰ নিদিয়াৰ অভিযোগ স্থানীয় গঞাৰ। ৰাইজে উজাগৰী নিশা কটোৱাৰ বিপৰীতে কুম্ভকৰ্ণৰ নিদ্ৰাত নিদ্ৰামগ্ন বৰগাং ৰেঞ্জৰ ৰেঞ্জাৰসহ বন বিভাগ।
 
কি কাৰণত বদলিৰ নিৰ্দেশ অহাৰ পাছতো একে স্থানত ৰৈ আছে ৰেঞ্জাৰ ফিলফ্ৰিলা বসুমতাৰী। নে মুঠা অংকত বদলি নহয় নেকি? এই প্ৰশ্ন উত্থাপন কৰিছে গঞাই। ৰাইজলৈ পিঠি দি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কাম কৰা ৰেঞ্জাৰৰ বাবে  ধাননি পথাৰতে নহয় বনৰীয়া হাতীৰ লক্ষ্য হৈ পৰিছে মানুহৰ বাসগৃহ।
 
 
যোৱা নিশা হাতীৰ জাকটোৱে বিহালীৰ ৰাংছালীত অৱস্থান কৰি জাঁকৰ পৰা ফালৰি কাটি আহি এটা হাতীয়ে বটিয়ামাৰী গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ড ৰাংছালীৰ নিৰ্বাসী প্ৰদীপ দাসৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে খাই পেলালে খাদ্য-সামগ্ৰী।
 
কপালৰ ঘাম মাটি কৰি কৰা খেতি আৰু ঘৰ-বাৰী নষ্ট কৰাৰ পাছত এইবাৰ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। অতি শীঘ্ৰে বন বিষয়া গৰাকীক এই স্থানৰ পৰা বদলিৰ দাবী তুলিছে স্থানীয় ৰাইজে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।