হঠাৎ বিষাক্ত হৈ পৰিছে জীয়াভৰলী নদীৰ পানীঃ শংকিত হৈ পৰিছে জামুগুৰিহাটৰ নৈ পৰীয়া ভালেকেইখন গাঁৱৰ ৰাইজ

 10/30/2021 - 15:26
 
 
 
 
 
 জামুগুৰিহাটঃ হঠাৎ বিষাক্ত হৈ পৰিছে জীয়াভৰলী নদীৰ পানী৷ ক'লা পানী আৰু তেল জাতীয় পদাৰ্থ মিহলি হৈ বিষাক্ত হৈ পৰিছে জীয়া ভৰলী নদীৰ পানী৷ হঠাৎ নদীখনৰ পানী বিষাক্ত হৈ পৰাত শংকিত হৈ পৰিছে জামুগুৰিহাটৰ নৈ পৰীয়া ভালেকেইখন গাঁও৷ সম্পতি নৈ পৰীয়া ৰাইজে নদীখনত মাছ মৰা বন্ধ কৰাৰ লগতে নদীৰ পানী ব্যৱহাৰ কৰাৰ পৰা বিৰত আছে৷
 
 
পোহনীয়া জীৱ-জন্তু সমূহকো নৈ পাৰলৈ নিয়া বন্ধ কৰিছে স্থানীয় বাসিন্দাসকলে৷ স্থানীয় ৰাইজে অৰুণাচল প্ৰদেশৰ পহাৰৰ ওপৰত এই পানী বিষাক্ত হোৱা বুলি কোৱাৰ লগতে কোনো ফেক্টৰীৰ বিষাক্ত দ্ৰব্য নদীত মিহলি হৈ অহা বাবেই পানী বিষাক্ত হোৱা বুলি মন্তব্য কৰিছে৷ নদীখনকে জীৱন-জীৱিকাৰ পথ হিচাপে বাচি লোৱা নৈ পৰীয়া ৰাইজৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা৷ এই ক্ষেত্ৰত প্ৰশাসনক সমগ্ৰ বিষয়টোৰ তদন্তৰো দাবী তুলিছে স্থানীয় ৰাইজে৷
  
 
                          
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।