11/01/2021 - 12:43
in
শালবাৰীঃ বাক্সাৰ বাৰাপেটাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো মুৰ্দাবাদ ধ্বনি। ৪ বছৰ ধৰি অসম্পূৰ্ণ দলং নিৰ্মাণ কৰাৰ দাবী। এখন দলঙৰ বাবে ওলাই আহিল এখন অঞ্চলৰ ৰাইজ। চাৰি-পাঁচ বছৰ ধৰি নিৰ্মাণ অসম্পূৰ্ণ হৈ আছে বাক্সাৰ বাৰাপেটা মিলন বজাৰ-বৰপেটাৰোড সংযোগী দলঙখন। ঠিকাদাৰৰ হেমাহিৰ বাবেই বছৰ বছৰ ধৰি দলঙৰ অভাৱত জীয়াতু ভুগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। ওলোটাই খুন্দা উপনৈৰ ওপৰত থকা পূৰ্বৰ জৰাজীৰ্ণ কাঠৰ দলঙখন ভাঙি উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল।
কিন্তু কোকৰাঝাৰৰ নিবাসী ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মৰ চূড়ান্ত হেমাহিৰ বাবেই বিগত চাৰি পাঁচ বছৰ ধৰি দলঙখন নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠাৰ অভিযোগ স্থানীয় ৰাইজৰ। বাৰিষা আহিলেই উক্ত স্থানেৰে ভগ্ন সাকোঁৰেই বিপদসংকুল যাত্ৰা কৰিবলগীয়া হয় অঞ্চলটোৰ ৰাইজ। যাৰবাবে আজি অঞ্চলটোৰ একংশ ৰাইজ ওলাই আহি ঠিকাদাৰ গৰাকীৰ লগতে বিটিচি আৰু অসম চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে। ভুক্তভোগী ৰাইজে "বিটিচি চৰকাৰ মূৰ্দাবাদ", "অসম চৰকাৰ মূৰ্দাবাদ", "প্ৰমোদ বড়ো মূৰ্দাবাদ", "হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ" আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে উক্ত স্থানেৰে বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী, চৰকাৰী-কৰ্মচাৰী, ব্যৱসায়ী, কৃষক, ৰোগী আদিৰ সঘন যাতায়ত অব্যাহত থাকে।