ভাল খবৰঃ আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ'ল হাতী ছাফাৰী

 11/01/2021 - 15:24
 
 
নিউজ ডেস্কঃ কাল ক’ৰণাই বিগত দুটা বছৰে জুৰুলা কৰা ৰাজ্যৰ পৰ্যটন উদ্যোগলৈ যেন শেহতীয়াকৈ আহিছে আশাৰ বতৰা। জীপ ছাফাৰীৰ পিছত  আজিৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ'ল হাতী ছাফাৰী। কহঁৰা বনাঞ্চলৰ মিহিমুখত থকা ৰাইডিং টাৱাৰত ফিটা কাটি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে শুভাৰম্ভ কৰে হাতী চাফাৰীৰ।
 
ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰী বনাঞ্চলত ফিটা কাটি হাতী ছাফাৰী মুকলি কৰে উদ্যানৰ ডিএফঅ' ৰমেশ গগৈয়ে। কেৱল কঁহৰা আৰু বাগৰি বনাঞ্চল আংশিকভাৱেহে পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল যদিও পৰ্যটকৰ সঁহাৰিয়ে যেন হেৰুওৱা ছন্দ উভতাই আনিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগলৈ। চলিত অক্টোবৰ মাহত জীপ ছাফাৰীৰে কাজিৰঙা দৰ্শন কৰা পৰ্যটকৰ সংখ্যা ১২ হাজাৰতকৈয়ো অধিক।  ছাফাৰীৰ প্ৰথম দিনা একাংশ বহিৰাজ্যৰ পৰ্যটকৰ লগতে চাৰি বিদেশী পৰ্যটকে হাতী ছাফাৰীৰ আনন্দ লৈ উৎফুল্লিত হৈ পৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।