11/03/2021 - 18:15
in
জামুগুৰিহাটঃ জুৱাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে শোণিতপুৰ আৰক্ষী। প্ৰত্যেকদিনাই অভিযান চলাই আছে জুৱাৰ বিৰুদ্ধে। আইনৰ সুৰুঙাৰে যাতে সাৰি যাব নোৱাৰে কোনো জুৱাৰী অপৰাধী তাৰ প্ৰতিও লক্ষ্য ৰাখিছে শোণিতপুৰ আৰক্ষীয়ে। তেজপুৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত ডিক্ৰাইজান গাঁৱত বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই গোপন সূত্ৰৰ ওপৰত ভিত্তি কৰি অবৈধ জুৱা খেলৰ বিৰুদ্ধে চলাইছিল অভিযান। জুৱা খেলি থকা অৱস্থাত নৱেদ আলী নামৰ এজন লোকক আটক কৰাৰ লগতে তেওঁৰ পৰা ২৩৬০০ টকাৰ নগদ ধন, ২ টাকৈ মোবাইল ফোন আৰু ৪৯ খনকৈ তাচপাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অবৈধ জুৱা/ টিৰ খেল আদি উৎখাত কৰি এখন সুস্থ সমাজ গঢ় দিবলৈ শোণিতপুৰ আৰক্ষী প্ৰতিশ্ৰুতি বদ্ধ। লগতে এনেদৰে শোণিতপুৰ আৰক্ষীয়ে জুৱা মদৰ লগতে অবৈধ কৰ্মৰ বিৰুদ্ধে অভিযান চলিব বুলি মন্তব্য কৰে।