11/05/2021 - 12:43
in
বাহাৰঘাটঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখালাত দিপাৱলীৰ দিনাৰ পৰাই তিনিদিনৰ বাবে আৰম্ভ হৈছে ভ্ৰাম্যমাণৰ নৱতম সংযোজন উদয়ন থিয়েটাৰ৷ স্থানীয় বৰখালা যুৱমঞ্চৰ উদ্যোগত ঐতিহাসিক শ্ৰীশ্ৰী শিৱমন্দিৰৰ সাহাৰ্য্যাৰ্থে আমন্ত্ৰণ কৰা উদয়ন থিয়েটাৰৰ বৃহস্পতিবাৰে মঞ্চ উদ্বোধন কৰে এন দি টিভিৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাই৷
মঞ্চ উদ্বোধনৰ পিচতে আমন্ত্ৰিত জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপে এটি গীত পৰিৱেশন কৰি দৰ্শকে ঠাহ খাই থকা প্ৰেক্ষাগৃহ জিপাল কৰি তোলে৷ উল্লেখযোগ্য যে উক্ত মঞ্চতে গাঁওখনৰ তিনি কৃতিমান শিক্ষাৰ্থী ক্ৰমে পৰিনীতা বুজৰবৰুৱা, ইমন বৈশ্য আৰু ধীমান বুজৰবৰুৱাক গামোছা, মানপত্ৰ আৰু গছপুলিৰে সম্বৰ্ধনা জনাই৷ আনহাতে কৃতি শিক্ষক দিলীপ শৰ্মাকো সম্বৰ্ধনা জনাই৷ উদ্বোধনী অনুষ্ঠানৰ আতধৰে শিক্ষক মুকুল লহকৰে৷ মঞ্চ উদ্বোধনৰ পিচতে সীতাৰ অগ্নি পৰীক্ষা নাটৰে মন্ত্ৰমুগ্ধ কৰি ৰাখে প্ৰেক্ষাগৃহৰ দৰ্শকক৷