পবিত্ৰ ভাইটিকা উৎসৱত উৎফুল্লিত গোৰ্খা সমাজঃ দেউছী-ভৈলী নৃত্যৰে মুখৰিত জামুগুৰিহাট

 11/06/2021 - 17:08
 
 
 
 
জামুগুৰিহাটঃ কাউৰী তিহাৰ, কুকুৰ তিহাৰ, গৰু তিহাৰৰ অন্তত শণিবাৰে গোৰ্খাসকলে উদযাপন কৰে ভাইটিকা উৎসৱ৷ ৰাজ্যৰ অন্যান্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত সিচৰিত হৈ থকা গোৰ্খা সকলেও শনিবাৰৰ দিনটোত ভাইটিকা উদযাপন কৰে৷ এই দৃশ্য জামুগুৰিহাটৰ ৰঙাচকুৱাৰ চাৰিপুখুৰীত৷ ৰঙাচকুৱাৰ গোৰ্খা ৰাইজৰ ঘৰে ঘৰে এনেদৰেই দেউছী-ভৈলী নৃত্য পৰিৱেশন কৰি মতলীয়া হৈ পৰা দেখা গৈছে৷ কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বয়োবৃদ্ধ সকলো উৎফুল্লিত হৈ পৰিছে এই ভাইটিকা উৎসৱক লৈ৷
 
এই বিশেষ দিনটোত প্ৰতিগৰাকী যুৱতী, মহিলাই নিজৰ ককায়েক-ভায়েকক কপালত তিলক লগাই দি জীৱন কালত বিপদে-আপদে সকলো সমস্যাৰ ভাগি হৈ থাকি ভাতৃ-ভগ্নীৰ সম্পৰ্ক টনকিয়াল কৰি ৰখাৰ সংকল্প লয়৷ ইজনে সিজনৰ দীৰ্ঘায়ু কামনা কৰে৷ গোৰ্খা সমাজৰ এই দিনটো অতি প্ৰবিত্ৰ উৎসৱ বুলি জ্ঞান কৰা হয়৷ এই উৎসৱৰ জৰিয়তে সমাজৰ প্ৰতিটো জাতি-জনগোষ্ঠী ৰাইজৰ মাজত সমন্বয়ৰ ভেটী কটকটীয়া কৰাৰ প্ৰয়াস কৰা হয়৷ এই ভাইটিকা উৎসৱৰ জৰিয়তে সকলো শ্ৰেণী ৰাইজ তথা বিশ্ব শান্তিৰ কামনা কৰে গোৰ্খাসকলে৷
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।