11/07/2021 - 13:43
in
জামুগুৰিহাটঃ যোৱা কিছুদিন ধৰি জীয়া ভৰলী নদীৰ পানী চিমেন্ট মিহলি পানীৰ দৰে ঘোলা হৈ থকা বিষয়টোত উদ্বিগ্ন হৈ পৰিছে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। আজি জামুগুৰিহাটত আছুৰ উপদেষ্টা গৰাকীয়ে জীয়া ভৰলী নদীৰ পানী ঘোলা হৈ থকা বিষয়টো অসম চৰকাৰে গুৰুত্বসহকাৰে লৈ নদীৰ উৎষত প্ৰকৃততে কি হৈছে সেইটো বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে।
জীয়া ভৰলী নদীখন যিহেতু মহাবাহু ব্ৰহ্মপুত্ৰত পৰিছে গতিকে মহাবাহুৰ জীৱকুলৰো যাতে ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়ৰ লগতে গুৱাহাটী আই আৰ টিৰ বিশেষজ্ঞৰ লগত আলোচনা কৰি জীয়া ভৰলী নদীৰ পানী প্ৰদূষিত হোৱাৰ প্ৰকৃত কাৰণ শীঘ্ৰেই উলিয়াবলৈ অসম চৰকাৰলৈ আহ্বান আছুৰ মুখ্য উপদেষ্টা গৰাকীৰ।