11/08/2021 - 12:44
in
জামুগুৰিহাটঃ দেশৰ ভিতৰতে একক বৃহৎ সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা কমিটিক সামাজিক মাধ্যমত জামুগুৰিহাটৰে অৰূপ শইকীয়া নামৰ যুৱকজনে মৌলৱাদী শক্তিৰ লগত তুলনা কৰা কাৰ্য্যক লৈ জামুগুৰিহাটত বিভিন্ন দল-সংগঠনৰ উপস্থিতিত দেওবাৰে বিয়লি এখনি বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়৷
বাৰেচহৰীয়া ভাওনা কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ৰাজহুৱা সভাত পাঁচশ বছৰীয়া গৌৰৱজ্বোল ইতিহাসৰে সমৃদ্ধ বাৰেচহৰীয়া ভাওনা কমিটিক যুৱক অৰূপ শইকীয়াই মৌলৱাদী শক্তিৰে পৰিপুষ্ট বুলি মন্তৱ্য কৰাৰ বিৰুদ্ধে সৰবহৈ পৰে কুৰিৰো অধিক দল-সংগঠন৷ জামুগুৰিহাটৰ প্ৰৱীন সমাজ কৰ্মী অৱসৰী অধ্যাপক জনাৰ্দ্দন ভূঞাঁৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনিত অৰূপ শইকীয়াই সামাজিক মাধ্যমত বাৰেচহৰীয়া ভাওনা কমিটিৰ বিৰুদ্ধে এনে বিৰূপ মন্তব্য কৰাক লৈ তীব্ৰ ককৰ্থনা কৰা লগতে সামাজিকভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে সভাখনিত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে অৰূপ শইকীয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি ভাওঁনাক এই গৰাকী অৰূপ শইকীয়াই বিদেশত ইংৰাজী ভাষাত প্ৰদৰ্শন কৰাকলৈ যোৱা সময়চোৱাত বাৰেচহৰীয়া ভাওনা কমিটিয়ে শংকৰদেৱৰ সৃষ্টি ৰাজী অংকীয়া নাট-ভাওনাৰ স্বকীয়তা নষ্ট হোৱা বুলি তীব্ৰ বিৰোধিতা কৰি আহিছিল৷