11/08/2021 - 12:55
in
জামুগুৰিহাটঃ ক’ভিডসৃষ্ট পৰিৱেশ শামকতাৰ পিছত এতিয়া সজীৱ হৈ উঠিছে ৰাজ্যৰ খেলপথাৰসমূহ। শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো গেলা হাটিঙা ফুটবল ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা খনিৰ দেওবাৰে সামৰণি পৰে।
গেলা হাটিঙা খেল পথাৰত তেজালপটি ফুটবল দল আৰু গেলা হাটিঙা ফুটবল দলৰ মাজত অনুষ্ঠিত ফাইনেল খেলাখনত নিৰ্দ্ধাৰিত সময়ত তেজালপটি ফুটবল দলে গেলা হাটিঙা ফুটবল দলক ৬-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। উক্ত ফাইনেল খেলখনৰ শুভ উদ্বোধন কৰি চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই কয় যে- গেলা হাটিঙাৰ ফুটবল খেল মানেই এক আকৰ্ষণীয় খেল।
ক্ৰীড়াৰ জৰিয়তে উঠি অহা নৱপ্ৰজন্মই আগবাঢ়ি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনে। উক্ত অনুষ্ঠানত মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, ইটাখোলাৰ জনপ্ৰিয় কন্ঠশিল্পী সুজিত তচাকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
উক্ত খেলখনত জয়লাভ কৰা দলৰ অধিনায়কক নগদ দহ হাজাৰ টকা, ট্ৰফি আৰু দলটোৰ সকলো খেলুৱৈক মেডেল প্ৰদান কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই।