ব্ৰহ্মপুত্রৰ দাঁতিকাষৰীয়া অঞ্চল পৰিদৰ্শন সদৌ ৰাংছালী আৰ্থ সামাজিক উন্নয়ন সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সজাতি দলৰ

 11/08/2021 - 13:09
 
 
 
 
বিহালীঃ সদৌ ৰাংছালী আৰ্থ সামাজিক উন্নয়ন সমিতিৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিহালী আঞ্চলিক সমিতিৰ এটা সজাতি দলে দেওবাৰে ৰাংছালী নদী কাষৰীয়া অঞ্চলসমূহ পৰিভ্ৰমণ কৰি গাঁৱলৈ বনৰীয়া হাতীৰ প্ৰৱেশত প্ৰতিৰোধ কৰাৰ উপায় সম্পৰ্কে স্থানীয় খেতিয়কসকলৰ সৈতে আলোচনাত মিলিত হয়। আলোচনা সময়তে কৃষকসকলে জানিবলৈ দিয়ে ৰাংছালী নদী কাষৰীয়া অঞ্চল সমূহলৈ সন্ধিয়া হোৱা লগে লগে বনৰীয়া হাতীৰ জাকটো খাদ্য সন্ধানত ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰা নামি আহি গাঁওসমূহলৈ ঢাপলি মেলে। ইফালে নিশাটো গাঁৱৰ বিভিন্ন ঠাইত হাতী জাকটো থকাৰ পাছত পুৱাই পুনৰ হাতী জাকটো বিহালী বনাঞ্চল বেদেতীৰ অভিমুখে ৰাওনা হয়৷
 
বহুলোকৰ খেতি নষ্ট কৰি পেলোৱা বুলি প্ৰকাশ কৰে স্থানীয় কৃষকে। যোৱা দুবছৰৰ আগত বনবিভাগ আৰু স্থানীয় বিধায়কে হাতী পাৰ হ'ব নোৱাৰাকৈ নদীৰ পাৰে পাৰে বৈদ্যুতিক ঝাটকা তাঁৰৰ ব্যৱস্থা কৰিছিল যদিও বৰ্তমান অধিকাংশ স্থানতে তাঁৰ সমূহ নষ্ট হৈ গৈছে আৰু বেটেৰী চালিত মেচিনটো কিছু বিকল হৈ আছে বুলি জানিব পৰা গৈছে। ৰাংছালী অঞ্চলৰ কৃষকসকল খেতি সুৰক্ষা কৰিবলৈ প্ৰায় 70-80 কি:গ্ৰা: মান তাঁৰ আৰু মেচিনটোৰ লগতে বেটেৰীটোৰ সামান্য মেৰামতি কৰি দিলেই উক্ত সমস্যাটোৰ সমাধান হ'ব বুলি প্ৰকাশ কৰে।
 
বন বিভাগে এইক্ষেত্ৰত কোনোধৰণৰ সহযোগিতা নকৰা কথাও প্ৰকাশ কৰে স্থানীয় কৃষকসকলে। আনহাতে সদৌ ৰাংছালী আৰ্থসামাজিক উন্নয়ন সমিতিয়ে উক্ত ব্যৱস্থাখিনি নিজাববীয়াকৈ বহন কৰি অতি সোনকালে সমস্যাটো সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।
 
সজাতি দলটোৰ লগত উপস্থিত থাকে সদৌ ৰাংছালী আৰ্থসামাজিক উন্নয়ন সমিতিৰ সভাপতি চিৰাজ হাজৰিকা, মুখ্য উপদেষ্টা ৰঞ্জন বনিয়া, কাৰ্যকৰী সভাপতি সঞ্জীৱ কুমাৰ দাস, সহ সম্পাদক উদয় দাস, সক্ৰিয় সদস্য তুলতুল দাস, যুৱ সাংবাদিক পলাশ প্ৰিয়ম, বৃতান্ত দাস, কুশল দাসকে ধৰি বহুকেইজন সদস্য আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ বিহালী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক জিন্টু দাস, সহ:সম্পাদক মানসজ্যোতি হাজৰিকা, প্ৰচাৰ সম্পাদক পলাশ দাস, সাংগঠনিক সম্পাদক হেমন্ত দাসৰ লগতে বহুকেইজন সদস্য।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।