নকচাৰিত স্বাধীনতা সংগ্ৰামী গোমধৰ কোঁৱৰৰ সিংহাসন আৰোহণ দিৱস উদযাপন

 11/11/2021 - 18:25
 
 
মৰিয়নিঃ যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত নকচাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১০ নৱেম্বৰত প্ৰথমজন স্বাধীনতা সংগ্ৰামী গোমধৰ কোঁৱৰৰ সিংহাসন আৰোহণ দিৱস উদযাপন কৰা হয়।
 
ইতিহাসৰ পাতত উল্লেখ আছে যে ১৮২৮ চনৰ এঘাৰ কাতি তাৰিখত নকচাৰিৰ তৰাতলীত গোমধৰ কোঁৱৰে সহযোগীৰ সৈতে বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি নিজকে সাৰ্বভৌম অসমৰ স্বাধীন ৰজা ঘোষণা কৰে।
 
তাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰ‌, তৰাতলী, নকচাৰিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত "প্ৰথম শ্বহীদ গোমধৰ কোঁৱৰৰ সিংহাসন আৰোহণ দিৱস" উদযাপন কৰা হয়। অনুষ্ঠানটোৱে যোৱা পঁয়ত্ৰীশ বছৰ ধৰি এই সিংহাসন আৰোহণ দিৱস উদযাপন কৰি আহিছে।
 
উল্লেখ্য যে মৰিয়নি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ঐতিহাসিক এঘাৰ কাতিৰ দিনটোত এই অনুষ্ঠানৰ এক ধৰ্মীয় কাৰ্যসূচী 'বান্ ফী' অনুষ্ঠান গোমধৰ কোঁৱৰ ক্ষেত্ৰত সম্পাদন কৰি অনুষ্ঠানৰ পৰৱৰ্তী কাৰ্য্যসূচী ১০ নবেম্বৰত নকচাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱাকালি অনুষ্ঠিত কৰা হয়।
 
দিনযোৰা কাৰ্যসূচীৰ অনুষ্ঠানত বিভিন্ন কাৰ্যসূচীৰ লগতে মুকলি সভা অনুষ্ঠিত হয়। নবিন গগৈয়ে আঁত ধৰা সভাত সভাপতিত্ব কৰে কমলজ্যোতি গগৈয়ে। স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে। সেইদৰে নীলাম্বৰ গগৈ,স্বৰ্ণজ্যোতি বৰুৱা বৰবৰা, ৰফিকুল হোছেইন, উত্তম বৰুৱা আদি বিশিষ্ট ব্যক্তিসকলে সভাত বক্তৃতা প্ৰদান কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।